ETV Bharat / state

ভঙা জুপুৰীৰ পৰাই বিজ্ঞানী হোৱাৰ সপোন মিণ্টুৰ - POOR FAMILY

নিশা যাপন কৰিবলৈ নাই এটা ভাল ঘৰ। শান্তিৰে শুবলৈ নাই এখন বিচনা। পঢ়াৰ বাবে নাই এখন টেবল। বহিবলৈ নাই এখন চকী। কিন্তু এনে পৰিৱেশ পৰিস্থিতিক প্ৰত্যাহ্বান জনাই বৈজ্ঞানিক হোৱাৰ সপোন দেখিছে ধুবুৰীৰ এজন ছাত্ৰই। ছাত্ৰজনৰ থকা আৰু পঢ়াৰ পৰিৱেশ দেখিলে আপুনিও ধৰি ৰাখিব নোৱাৰিব চকুলো।

ভঙা জুপুৰীৰ পৰাই বৈজ্ঞানিক হোৱাৰ সপোন মিণ্টুৰ
author img

By

Published : Oct 20, 2019, 12:19 PM IST

ধুবুৰী, 20 অক্টোবৰঃ ধুবুৰী চহৰৰ ইন্দিৰা গান্ধী পথৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ কাহিনী এয়া । মনোৰঞ্জন ভাওঁৱাল নামৰ অতি দৰিদ্ৰ লোকেজনে এটা ভগা জুপুৰিতেই অতিবাহিত কৰিলে জীৱনৰ অধিকাংশ সময় ৷ এই জৰাজীৰ্ণ ঘৰটোৰ ভিতৰতেই কাগজৰ ঠোঙা প্ৰস্তুত কৰি প্ৰতিদিনে এশৰ পৰা ডেৰশ টকা উপাৰ্জন কৰি সেই টকাৰেই চলাই আহিছে জীৱন সংগ্ৰাম ৷ বহু কষ্টৰে জীৱন নিৰ্বাহ কৰা ভাওঁৱালে আজি পৰ্যন্ত নাপালে এটা পি এম এ ৱাই ঘৰ ৷ বহুবাৰ আবেদন কৰি ধুবুৰী পৌৰসভাৰ ৱাৰ্ড কমিচনাৰৰ পিছে পিছে ঘূৰিও নাপালে এখন ঘৰ। সামাণ্য বৰষুণ হলেই চোতালত জমা হয় একাঠু পানী । বৰষুণ অধিক হলে ঘৰৰ ভিতৰত সোমাই পানী। কেৱল সেয়াই নহয় আজিপৰ্যন্ত বিনামূলীয়া বিজুলী সংযোগও লাভ নকৰিলে পৰিয়ালটোৱে ৷

ধুবুৰীৰ অতি দৰিদ্ৰ মনোৰঞ্জন ভাওঁৱালৰ পৰিয়াল

ইপিনে মাজে সময়ে আজৰি সময় উলিয়াই পিতৃৰ কামত সহায় কৰি আহিছে নৱম মান শ্ৰেণীত অধ্যয়ন কৰি থকা মিন্টু ভাওঁৱালে। ধুবুৰী মিউনিচিপাল হাই স্কুলৰ নৱম মান শ্ৰেণীত অধ্যয়ন কৰি থকা মিন্টু ভাওঁৱালৰ শুবলৈ নাই এখন বিচনা । পঢ়িবলৈ নাই এখন টেবল। বিদ্যালয় বন্ধৰ সময়ত এইদৰে দিনৰ ভাগত পিতৃৰ সৈতে কাগজৰ ঠোঙা বনোৱা কাম কৰাৰ বিপৰীতে ৰাতিৰ ভাগত পঢ়াশুনা কৰে ৷ মেধাবী ছাত্ৰ মিণ্টুৱে দৰিদ্ৰতাৰ মাজতেই বিচাৰি ফুৰিছে নিজৰ ভৱিষ্যতৰ এটা এটা চিৰি। মিণ্টুয়ে সকলো দুখ কষ্টক প্ৰত্যাহ্বান জনাই ভৱিষ্যতে এজন বৈজ্ঞানিক হোৱাৰ সপোন দেখিছে ।

পঢ়িবলৈও টেবুল নাই মিণ্টু ভাওঁৱালৰ

Intro:নিশা যাপন কৰিব পৰা নাই এখন ভাল ঘৰ। শান্তিৰে শুবলৈ নাই এখন বিচনা। পঢ়াৰ বাবে নাই এখন টেবল। বহিবলৈ নাই এখন চকী। কিন্তু এনে পৰিৱেশ পৰিস্থিতিক প্ৰত্যাহ্বান জনাই এজন বৈজ্ঞানিক হোৱাৰ সপোন দেখিছে ধুবুৰীৰ এজন ছাত্ৰই। ছাত্ৰজনৰ থকা আৰু পঢ়াৰ পৰিৱেশ দেখিলে আপুনি ধৰি ৰাখিব নোৱাৰিব চকুলো।

Body: ধুবুৰী চহৰৰ ইন্দিৰা গান্ধী পথৰ এটা পৰিয়াল। মনোৰঞ্জন ভাওঁৱাল নামৰ এজন অতি দৰিদ্ৰ লোকৰ ঘৰ এইখন। ভগা জুপুৰি খনতেই বহু কষ্টৰে সুদীৰ্ঘ বছৰে জীৱন নিৰ্বাহ কৰি আহিছে এই পৰিয়ালটো। ঘৰৰ ভিতৰত থকাৰ ব্যৱস্থা নাথাকিলেও তাৰ মাজতেই কাগজৰ ঠোঙা প্ৰস্তুত কৰি প্ৰতিদিনে এশৰ পৰা ডেৰশ টকা উপাৰ্জন কৰাৰ চেষ্টা কৰিছে মনোৰঞ্জন ভাওঁৱাল নামৰ এইজন বৃদ্ধই। বহু কষ্টৰে জীৱন নিৰ্বাহ কৰা ভাওঁৱালে এখন পি এম এ ৱাই ঘৰৰ বাবে আবেদন কৰি ধুবুৰী পৌৰসভাৰ ৱাৰ্ড কমিচনাৰৰ পিছে পিছে ঘূৰি ঘূৰিও নাপালে এখন ঘৰ। সামান্য বৰষুণ হলেই চোতালত জমা হয় একাঠু পানী। ঘৰৰ ভিতৰত সোমাই পৰে বৰষুণৰ পানী। কেৱল সেয়াই নহয় বিজুলী যোগানৰ পোৱাৰ বাবেও ধুবুৰী বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যালয়ত ঘূৰি ফুৰিও ভাওঁৱালে আজিও পোৱা নাই বিদ্যুৎ যোগান। উৎকট গৰমৰ মাজত বিজুলী নথকাৰ লগতে পোহৰ নোহোৱাকৈ কেৱল লেম্পৰ পোহৰৰ মাজেদিয়েই পৰিয়ালটোৱে কটাইছে দুৰ্বিসহ জীৱন।

Byte:- মনোৰঞ্জন ভাওঁৱাল

ইপিনে মাজে সময়ে আজৰি সময় উলিয়াই নিজ পিতৃৰ কামত সহায় কৰি অহা এইজনেই হৈছে নৱম মান শ্ৰেণীত অধ্যয়ন কৰি থকা মিন্টু ভাওঁৱাল। ধুবুৰী মিউনিচিপাল হাই স্কুলৰ নৱম মান শ্ৰেণীত অধ্যয়ন কৰি থকা মিন্টু ভাওঁৱালৰ নাই শুবলৈ এখন বিচনা। পঢ়িবলৈ নাই এখন চকী অথবা টেবল। স্কুল বন্ধৰ সময় চোৱাত এইদৰে দিনৰ ভাগত পিতৃৰ সৈতে কাগজৰ ঠোঙা বনোৱা কাম কৰাৰ বিপৰীতে ৰাতিৰ ভাগত পঢ়াশুনা কৰে। কিন্তু ঘৰত বিদ্যুৎ যোগান অৰ্থাৎ পোহৰৰ ব্যৱস্থা নোহোৱাকৈ ৰাতিৰ ভাগত কিদৰে পঢ়াশুনা কৰে মিন্টু ভাওঁৱাল। সেই দৃশ্য আপুনি প্ৰত্যক্ষ কৰিলে এবাৰ ভাবিবলৈ বাধ্য হব। হয়তো চকুলো ধৰি ৰাখিব নোৱাৰিব আপুনি। দিনৰ ভাগত এই দৃশ্য ইটিভি ভাৰতৰ কেমেৰাত বন্দী কৰাৰ পিছত নিশাৰ ভাগত আমাৰ সাংবাদিক পুণৰ গৈছিল মিন্টু ভাওৱালৰ ঘৰলৈ। পিছে চাওঁক এয়াই নিশাৰ বাস্তৱ ছবি। কেৱল এখন লেম্প জ্বলি থকা দেখা গৈছে। কিন্তু কোনোবা এজন পঢ়ি আছে। যদিওঁ কোনে পঢ়ি সেয়া আমি ধৰিব পৰা নাছিলোঁ। পিছত আমাৰ কেমেৰাৰ লাইটৰ পোহৰ দিয়াৰ পিছতহে দেখিবলৈ পোৱা গল এই জনেই সেইজন মিন্টু ভাওঁৱাল। যিজন মেধাবী ছাত্ৰই এই আন্ধাৰৰ মাজতেই বিচাৰি ফুৰিছে নিজৰ ভৱিষ্যতৰ এটা এটা চিৰি। মিণ্টুয়ে সকলো দুখ কষ্টক প্ৰত্যাহ্বান জনাই ভৱিষ্যতে এজন বৈজ্ঞানিক হোৱাৰ সপোন দেখিছে। যদিওঁ জন্মৰ পিছৰ পৰাই এনে ভগা জুপুৰি, বিজুলী নোপোৱা কষ্টকৰ জীৱন যাপনে কেতিয়াবা হয়তো চিন্তিত কৰি তোলে মিন্টু ভাওঁৱালক। সেয়ে চৰকাৰক মিন্টু ভাওৱালৰ আহ্বান এখন ঘৰ দিয়ক চৰকাৰে আৰু যোগান দিয়ক বিজুলী।

Byte:- মিন্টু ভাওঁৱাল, মেধাবী ছাত্ৰ।।

Conclusion: উল্লেখযোগ্য যে, মেধাবী ছাত্ৰ মিন্টু ভাওঁৱালে ভৱিষ্যতে এজন বৈজ্ঞানিক হোৱাৰ সপোন দেখিছে যদিওঁ এই সপোনক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত প্ৰয়োজন আছে আপোনাৰ মোৰ সহযোগিতাৰ। সকলোৱে সহায় কৰিলে কিজানি বাস্তৱ ৰূপ পাব পাৰে কণমানি মেধাবী ছাত্ৰ মিন্টু ভাওঁৱালৰ।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.