ধুৱুৰী,7 জুলাই : কৰ'ণাৰ গণ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য কৰি ধুবুৰী জিলা প্ৰশাসনে 8 জুলাইৰ পৰা লক ডাউন ঘোষণা কৰিছে। জিলা প্ৰশাসনে জাৰি কৰা এক জাননী মতে, 8 জুলাইৰ সন্ধিয়া সাত বজাৰ পৰা 16 জুলাইৰ পুৱা সাত বজালৈকে লক ডাউন বলবৎ থাকিব জিলাখনত। লক ডাউনৰ সময়ত,ধুবুৰী জিলাৰ সকলো দৈনিক আৰু সাপ্তাহিক বজাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। আনহাতে দ্বি-সাপ্তাহিক হাট আৰু বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিয়াৰ লগতে উক্ত সময়চোৱাত সমগ্ৰ জিলাখনত ৰিক্সা,অটো ৰিক্সা আৰু ই-ৰিক্সাৰ চলাচলত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰী কৰা হৈছে বুলি জানিব পৰা গৈছে ।
ধুবুৰী জিলা উপায়ুক্তই মঙলবাৰে জাৰী কৰা আন এখন জাননী অনুসৰি পুনৰ নিৰ্দেশ নিদিয়ালৈকে মঙলবাৰৰ পৰা কোনো ব্যক্তিয়ে কামৰূপ মেট্ৰ' আৰু ধুবুৰী জিলাৰ মাজত সকলো ৰাইজৰ অহা-যোৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি উল্লেখ কৰে ৷ উক্ত নিৰ্দেশটোত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী সকলক নিজৰ নিজৰ বিভাগৰ কোনো কৰ্মচাৰী যাতে ধুবুৰী জিলা আৰু কামৰূপ মেট্ৰ'ৰ মাজত অহা-যোৱা নকৰে সেয়া সুনিশ্চিত কৰিবলৈ কোৱা হৈছে ৷ মুঠৰ ওপৰত কৰ‘ণাৰ গণ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত কঠোৰ হৈছে ধুবুৰী জিলা প্ৰশাসনে।
লগতে পঢ়কঃ ভূমি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত বাধা জয়পুৰ আৰক্ষীৰ