ETV Bharat / state

ধুবুৰী জিলা যুটীয়া স্বাস্থ্য সঞ্চালকয়ৰ কাৰ্যালয়ত কি ঘটিল এইয়া? - violation social distance

দেশ তথা ৰাজ্যখনত ক্ৰমান্বয়ে মহামাৰী ৰূপ ধাৰণ কৰিছে ক'ৰণাই। কৰণাক প্ৰতিৰোধ কৰাৰ বাবে একমাত্ৰ উপায় হৈছে সামাজিক দুৰত্ব। চৰকাৰী পক্ষৰ বিশেষকৈ স্বাস্থ্য বিভাগে সততে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰি অহা স্বাস্থ্য বিভাগে এইবাৰ সম্পূৰ্ণৰূপে উলংঘা কৰা দেখা গ'ল সামাজিক দুৰত্ব ধুবুৰীত ।

dhuburi helth department  violation  lock down rule ragulation  social  distance
ধুবুৰী জিলা যুটীয়া স্বাস্থ্য সঞ্চালকয়ৰ কাৰ্যালয়ত অভাৱনীয় পৰিস্থিতি
author img

By

Published : Jun 10, 2020, 3:47 PM IST

ধুবুৰী,১০ জুনঃ ধুবুৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ ভিতৰচৰাত বুধবাৰে দেখা গ'ল এক অভাৱনীয় পৰিৱেশ । হাজাৰ হাজাৰ এ এন এম আৰু জি এন এম পদৰ বাবে নিৱনুবা যুৱতীসকলে ভিৰ কৰে কাৰ্যালয়টোত । ইপিনে দেশ তথা ৰাজ্যখনত ক'ৰণাই মহামাৰী ৰূপ ধাৰণ কৰি থকাৰ সময়তে সকলোকে সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ চৰকাৰী পক্ষ বিশেষকৈ স্বাস্থ্য বিভাগৰ ফালৰ পৰা বাৰে বাৰে কৈ অহা হৈছে। ক'ৰণাৰ পৰা ৰক্ষা পাবলৈ একমাত্ৰ উপায় হৈছে সামাজিক দুৰত্ব। কিন্তু তেনে সময়তে স্বয়ং স্বাস্থ্য বিভাগৰ কাৰ্যালয়ত এই অভাৱনীয় পৰিস্থিতি দেখাগ'ল বুধবাৰে। ধুবুৰীত চল্লিশ টা এ এন এম আৰু জি এন এমৰ পদৰ বাবে আবেদন বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। বুধবাৰে আছিল আবেদন পত্ৰ দাখিলৰ দিন। আনহাতে ধুবুৰী জিলাৰ উপৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা এইদৰে পঞ্জীয়নভুক্ত এ এন এম আৰু জি এন এম নাৰ্চসকলে এইদৰে নিজৰ নিজৰ আবেদন পত্ৰ জমা দিয়াৰ বাবে ভিৰ কৰে । ঠেলা হেঁচাৰ মাজেৰে জমা দিছে আবেদন পত্ৰ। এটা চাকৰিৰ বাবে মহামাৰী ক'ৰণাৰ আতংক আৰু ভয়াৱহতা পাহৰিছে এই সকলে নিৱনুবা যুৱতীয়ে। প্ৰথমতে নাছিল কোনো আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৱশ্য বহু সময় পিছত আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। কিন্তু আচলতে এয়া কাৰ ভুলৰ বাবে এনে পৰিস্থিতৰ সৃষ্টি হ'ল স্বাস্থ্য বিভাগৰ কাৰ্যালয়ত তাক লৈ প্ৰশ্ন কৰিছে সচেতন মহলে ।

dhuburi helth department  violation  lock down rule ragulation  social  distance
ধুবুৰী জিলা যুটীয়া স্বাস্থ্য সঞ্চালকয়ৰ কাৰ্যালয়ত অভাৱনীয় পৰিস্থিতি
উল্লেখযোগ্য যে, এন এইচ এমৰ ফালৰ পৰা আবেদন পত্ৰ জমা লোৱা হৈছে যদিও এইক্ষেত্ৰত সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা। লোৱা নাছিল নিৰপত্তাজনিত কোনো পদক্ষেপ। যাৰ পৰিণতিত এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ল বুলি জানিব পৰা গৈছে ধুবুৰী স্বাস্থ্য বিভাগৰ কাৰ্যালয়ত ।
ধুবুৰী জিলাৰ যুটীয়া স্বাস্হ্য সঞ্চালকালয়  কায্যালয়ত  অভাবনীয়  পৰিস্হিতি

লগতে চাওকঃ বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ‍্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.