ETV Bharat / state

কন্যাৰ জন্মদিনত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ 40 হাজাৰ টকাৰ বৰঙণি আগবঢ়ালে এগৰাকী আৰক্ষী বিষয়াই

author img

By

Published : Apr 3, 2020, 11:11 AM IST

Updated : Apr 3, 2020, 11:54 AM IST

দেশৰ প্ৰতি দায়িত্ববোধ । কন্যাৰ জন্মদিনত থাকিব নোৱাৰিলে ঘৰত । কিন্তু পিতৃৰ এটা কৰ্মই কন্যা-মাতৃৰ লগতে ৰাজ্য়বাসীক কৰি তোলিলে আপ্লুত ।

সংকটৰ সময়ত দেশৰ স্বাৰ্থত কৰ্মত নিয়োজিত, কন্যাৰ জন্মদিনত দেশবাসীলৈ উপহাৰ !

ধুবুৰী, ৩ এপ্ৰিলঃ মহামাৰী কৰ'ণা ভাইৰাছত ত্ৰাসত জৰ্জৰিত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষও । দেশৰ সংকট কালত সকলোৱে এতিয়া সহায়ৰ হাত আগবঢ়াইছে চৰকাৰলৈ । কম বেছি পৰিমাণে সকলোৱে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে নিজৰ সাঁচতীয়া ধন ।

উপ আৰক্ষী অধীক্ষ ত্ৰিনয়ন ভূঞা
উপ আৰক্ষী অধীক্ষ ত্ৰিনয়ন ভূঞা

এনে সময়তে এজন আৰক্ষী বিষয়াৰ কৰ্মই সকলোৰে মন চুই যাবলৈ সক্ষম হৈছে । দেশৰ প্ৰতি দায়িত্ববোধে সঁচাকৈয়ে গৌৰাম্বিত কৰিছে ৰাজ্যবাসীক । নিজৰ ৪ বছৰীয়া কন্যাৰ জন্মদিনত ঘৰলৈ যাব নোৱাৰিলেও পিতৃয়ে দাঙি ধৰিলে মানৱীয়তাৰ পৰিচয় ।

ধুবুৰী জিলাত কৰ্মৰত হৈ আছে জিলা উপ আৰক্ষী অধীক্ষ ত্ৰিনয়ন ভূঞা । আনহাতে দেশত এতিয়া চলি আছে লক্ ডাউন । সেই মৰ্মে এই সংকটৰ সময়ত নিষ্ঠাৰে নিজৰ কৰ্মত নিয়োজিত হৈ আছে উপ আৰক্ষী অধীক্ষগৰাকী । কিন্তু যোৱা ২ এপ্ৰিলত আছিল কণমানী কন্যাৰ চাৰিবছৰীয়া জন্মদিন । জন্মদিন বুলি কোলাত ডাঙি ধৰিবলৈ কণমানী জনী কাষত নাই । কাৰণ কৰ্মসূত্ৰে ঘৰৰ পৰা আঁতৰত থাকিবলগীয়া হৈছে পিতৃ । পিতৃ ধুবুৰীত থকাৰ বিপৰীতে মাতৃ-কন্যা আছে তেজপুৰত । ইয়াৰ লগতে আছে সংকটৰ সময়ত কৰ্মৰ প্ৰতি দায়িত্ববোধ । কাৰণ দেশত সম্পূৰ্ণ লক্ ডাউন । কিন্তু ৪ বছৰৰ কন্যাৰ জন্মদিন বুলিয়ে পিতৃয়ে দেশৰ সংকট কালত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়ালে 40 হাজাৰ টকা ।

কন্যাৰ জন্মদিনত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি

মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছ তথা কোভিড-১৯ ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ইয়াক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । আনহাতে চৰকাৰে লক্ ডাউন ঘোষণা কৰাৰ পিছতেই স্বাভাৱিকতে দেশত দেখা দিছে অৰ্থ সংকটে । এনে সময়তে চৰকাৰক সহায় কৰাৰ বাবে দেশৰ বিভিন্ন জনে আগবঢ়াইছে সহায়ৰ হাত । যিয়ে যিমান পাৰে বৰঙণি দিছে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজি লৈ । সেই মৰ্মেই ধুবুৰীত কৰ্মৰত জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই নিজ কন্যাৰ জন্ম দিনত 40 হাজাৰ টকা প্ৰদান কৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ । উপ আৰক্ষী অধীক্ষকগৰাকীৰ এই মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

পিতৃ-কণ্যা
পিতৃ-কণ্যা

মুঠৰ ওপৰত খাকী পোচাকৰ আঁৰত যে দ্বায়িত্ববোধৰ সমান্তৰালকৈ মানৱীয়তা লুকাই থাকে তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে এইজন তেজপুৰৰ সন্তান তথা ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই ।

লগতে চাওক- কোভিড 19 ৰ ৰোগীৰ বাবে সাজু ভাৰতীয় ৰে'লৱে...

Last Updated : Apr 3, 2020, 11:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.