ETV Bharat / state

অসম-মিজোৰাম সীমান্তত নিহত শ্বহীদলৈ ধুবুৰী জিলা ছাত্ৰ মুক্তিৰ শ্ৰদ্ধাঞ্জলি - satra mukti sangram samiti condolence

অসম-মিজোৰাম সীমান্তত সোমবাৰে মিজো দুৰ্বৃত্তই অসম আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত 6 জনকৈ আৰক্ষীৰ জোৱান নিহত হয় ৷ মিজো দুৰ্বৃত্তৰ গুলীত এগৰাকী স্থানীয় লোকো নিহত হয় ৷ এই ঘটনাক সমগ্ৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ধিক্কাৰ দিয়াৰ লগতে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

Dhuburi district satra mukti sangram samiti condolence
অসম মিজোৰাম সীমান্তত নিহত শ্বহীদলৈ ধুবুৰী জিলা ছাত্ৰ মুক্তিৰ শ্ৰদ্ধাঞ্জলি
author img

By

Published : Jul 28, 2021, 8:30 PM IST

পশ্চিম বিলাসীপাৰা, ২৮ জুলাই : মিজো দুৰ্বৃত্ত আৰু মিজো আৰক্ষীৰ গুলীত নিহত অসমৰ শ্বহীদ আৰক্ষী জোৱানলৈ মঙলবাৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনায় ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । মঙলবাৰে সন্ধিয়া বিলাসীপাৰাৰ চিৰাকুটা বজাৰত ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে (satra mukti sangram samiti) অনুষ্ঠিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । ৫১ ডাল মমবাতি প্ৰজ্বলন কৰি ১ মিনিট মৌন প্ৰাৰ্থনা জনাই শ্বহীদ আৰক্ষী জোৱানসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৱে । ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেলোৱাৰ হুছেইনে মিজোৰ এই বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

অসম মিজোৰাম সীমান্তত নিহত শ্বহীদলৈ ধুবুৰী জিলা ছাত্ৰ মুক্তিৰ শ্ৰদ্ধাঞ্জলি

ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ASSAM CM HIMANTA BISWA SARMA)ক উদ্দেশ্য কৰি কয় যে, তেখেতে অসম আৰক্ষীক কেৱল ছাগলী আৰু গৰু চোৰক গুলীয়াই মাৰিবলৈহে নিৰ্দেশ দিছে । অসম আৰক্ষীক গুলীয়াই হত্যা কৰাৰ সময়ত ৰহস্যজনকভাৱে কিয় মৌন অসম আৰক্ষী ? অতি শীঘ্ৰে মিজো-অসম সীমান্ত বিবাদৰ সমাধান কৰিবলৈও দাবী তোলে ছাত্ৰ সংগঠনটোৱে ৷

উল্লেখ্য যে, সোমবাৰে অসম-মিজোৰাম সীমান্ত (ASSAM MIZORAM BORDER)ৰ লাইলাপুৰত অসম আৰক্ষী (ASSAM POLICE)ক লক্ষ্য কৰি মিজো আৰক্ষীয়ে গুলীচালনা কৰাত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় ৷ মিজো দুৰ্বৃত্তৰ গুলীচালনাৰ ফলত 6 জনকৈ আৰক্ষীৰ জোৱান নিহত হয় ৷ মিজোৰ বেদখল উচ্ছেদ কৰিবলৈ গৈছিল অসম আৰক্ষী ৷

লগতে পঢ়ক : চৰাইদেউৰ নাগালেণ্ড সীমান্ততো হ’ব পাৰে লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.