ধুবুৰী, 20 জুলাই : বৰ্তমান প্ৰলয়ংকৰী বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত মানুহৰ লগতে খাদ্য সমান্তৰালভাৱে খাদ্যৰ অভাৱত মৃত্যু মুখত পৰিছে লাখ লাখ পশু ধন । ধুবুৰীৰ বিলাসীপাৰা মহকুমাৰ অধীনত থকা বন্দিহানা অঞ্চলৰ পশুধনৰ বাবে শনিবাৰে বিলাসীপাৰা মহকুমা প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা হৈছিল এক ট্ৰাক পশু খাদ্য। কিন্তু প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰিছিল সম্পূৰ্ণ ভেজাল পশু খাদ্য ৷ এই কথা অৱগত হোৱাৰ পিছত সচেতন ৰাইজে পশু খাদ্যখিনি প্ৰশাসনক উভতাই দি প্ৰকৃত পশু খাদ্য যোগান ধৰিবলৈ আহ্বান জনায়।
ধুবুৰীত ভেজাল পশু খাদ্য যোগান প্ৰশাসনৰ - ধুবুৰীত পশু খাদ্যত ভেজাল
বানপানীৰ সময়ত ধুবুৰীৰ বন্দিহানা অঞ্চলৰ পশুধনৰ বাবে ভেজাল পশু খাদ্যৰ যোগান প্ৰশাসনৰ । উত্তেজিত ৰাইজে উভতাই দিলে এক ট্ৰাক ভেজাল পশু খাদ্য
ধুবুৰী, 20 জুলাই : বৰ্তমান প্ৰলয়ংকৰী বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত মানুহৰ লগতে খাদ্য সমান্তৰালভাৱে খাদ্যৰ অভাৱত মৃত্যু মুখত পৰিছে লাখ লাখ পশু ধন । ধুবুৰীৰ বিলাসীপাৰা মহকুমাৰ অধীনত থকা বন্দিহানা অঞ্চলৰ পশুধনৰ বাবে শনিবাৰে বিলাসীপাৰা মহকুমা প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা হৈছিল এক ট্ৰাক পশু খাদ্য। কিন্তু প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰিছিল সম্পূৰ্ণ ভেজাল পশু খাদ্য ৷ এই কথা অৱগত হোৱাৰ পিছত সচেতন ৰাইজে পশু খাদ্যখিনি প্ৰশাসনক উভতাই দি প্ৰকৃত পশু খাদ্য যোগান ধৰিবলৈ আহ্বান জনায়।
Byte:- ৰাইজConclusion:উল্লেখযোগ্য যে, যদি সচাঁকৈয়েই এইদৰে ভেজাল পশু খাদ্য প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা হৈছে তেন্তে ইয়াৰ বাবে জগৰীয়া কোন। কোন ছিণ্ডিকেট চক্ৰ জড়িত হৈ আছে এই পশু খাদ্য যোগানত। সেয়াই এতিয়া বৃহৎ প্ৰশ্ন।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।