ধুবুৰী, 10 জুলাই: ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয় বিবাহ ভৱনলৈ পৰিণত হোৱাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ ধুবুৰী জিলা পৰিষদ কাৰ্যালয় বিবাহ ভৱনত পৰিণত কৰাৰ পিছতেই বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ ৷ ভাঙি দিয়া হ’ল সাংবাদিকৰ কেমেৰা ৷ ঘটনাৰ বিৰুদ্ধে দাখিল কৰা হ’ল এজাহাৰ ৷ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হ’ল মূল আক্ৰমণকাৰী শংকৰ পাটোৱাৰী ৷ কিন্তু চৰকাৰী কাৰ্যালয় ভাড়াত দিয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে চৰকাৰীভাৱে গ্ৰহণ কৰা নহ’ল কোনো ব্যৱস্থা ৷
ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত সাত জুলাইৰ নিশা দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ চৰকাৰী কাৰ্যালয়লৈ ৰাইজ আহে বিভিন্ন কামৰ বাবে ৷ কিন্তু এইটো চৰকাৰী কাৰ্যালয়ত 7 জুলাইৰ নিশা সাজি-কাঁচি দলে দলে, হাতত উপহাৰৰ টোপোলা লৈ মানুহ অহা পৰিলক্ষিত হ’ল ৷ কাৰণ ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিয়া হৈছিল এইটো চৰকাৰী কাৰ্যালয় ৷ বিবাহ অনুষ্ঠানৰ বাবে, মাথো দুহাজাৰ টকাত দুদিনৰ বাবে ভাড়াত দিয়া হ’ল ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয় ৷ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু সভাপতি আছাদুৰ ৰহমানৰ স্বাক্ষৰিত অনুমতি পত্ৰ পাই স্থানীয় এঘৰ পৰিয়ালে আয়োজন কৰিলে এই বিবাহ অনুষ্ঠানৰ ৷
কিহৰ স্বাৰ্থত আৰু কাৰ নিৰ্দেশত বিবাহ অনুষ্ঠানৰ বাবে এটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় ভাড়াত দিয়া হ’ল বুলি প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজ তথা দল-সংগঠনে ৷ তদুপৰি একপ্ৰকাৰ নিজৰ পৈত্ৰিক সম্পত্তি হিচাবে ব্যৱহাৰ কৰি অহা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ বিৰুদ্ধে আজিলৈকে চৰকাৰী ভাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলিও অভিযোগ উত্থাপন হৈছে ৷ যাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সেইবাবে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন ৰাইজে ৷
আনহাতে বিয়া ঘৰৰ একাংশ লোকে কৰ্তব্যৰত সংবাদকৰ্মীক বেয়াকৈ আক্ৰমণ কৰি কেমেৰা ভাঙি দিয়া বিষয়টোৱেও বিভিন্ন মহলত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ সংবাদকৰ্মীৰ ওপৰত চলা আক্ৰমণ সন্দৰ্ভত ধুবুৰী সদৰ আৰক্ষী থানাত তৰা গোচৰৰ ভিত্তিত তিনিদিন পিছত সোমবাৰে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল আক্ৰমণকাৰী শংকৰ পাটোৱাৰীক ৷ কিন্তু আজিলৈকে চৰকাৰী কাৰ্যালয় বিবাহ অনুষ্ঠানৰ বাবে ভাড়া দিয়া বিশ্বজিৎ গোস্বামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল চৰকাৰীভাৱে ৷
লগতে পঢ়ক: Biman Roy Case: চাৰিদিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত পুনৰ আদালতলৈ বিমান ৰয়