ETV Bharat / state

ধুবুৰীত যাত্ৰী আৰু অটো চালকৰ মাজত হাহাকাৰ

author img

By

Published : Sep 13, 2020, 5:53 PM IST

ধুবুৰী জিলা পৰিৱহন বিভাগ আৰু যান-বাহন আৰক্ষীৰ নতুন নিয়মাৱলী অনুসৰি চহৰখনৰ মাজেৰে চলাচল কৰা অটো ৰিক্সাসমূহৰ বাবে এক নতুন পথ নিৰ্ধাৰণ কৰা হৈছে ৷ পৰিৱহন বিভাগৰ এই সিদ্ধান্তৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে চহৰখনৰ অটো চালকৰ লগতে যাত্ৰীসকল ৷

Dhubri taransport department new rule on auto service
ধুবুৰীত যাত্ৰী আৰু অটো চালকৰ মাজত হাহাকাৰ

ধুবুৰী,13 ছেপ্তেম্বৰঃ ধুবুৰী জিলা পৰিৱহন বিভাগ আৰু যান-বাহন আৰক্ষীৰ নতুন নিয়মাৱলী ৷ চহৰখনৰ মাজেৰে চলাচল কৰা অটো ৰিক্সাসমূহ এক নিৰ্দিষ্ট পথৰে চলাচলৰ বাবে নিৰ্দেশনা কৰি দিছে ধুবুৰী জিলা পৰিৱহন বিভাগে ৷ প্ৰশাসনৰ এই নতুন নিৰ্দেশনাই চৰম সমস্যাৰ সৃষ্টি কৰিছে যাত্ৰীৰ লগতে অটোচালকৰ মাজত ৷ কাৰণ ধুবুৰী চহৰৰ মাজ মজিয়াৰ পৰা মিছন ৰোডত যাবলগীয়া যাত্ৰীয়ে জি টি বি ৰোডেৰে গৈ বি ও চি মোৰত নামিবলগীয়া হৈছে ।

একেদৰে ধুবুৰী আদালত বা জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা বিদ্যাপাৰালৈ যাবলগীয়া অটো ৰিক্সাৰ যাত্ৰীয়ে ২নং পুলিচ পইন্টতে নামিবলগীয়া হৈছে । আনহাতে, গৌৰীপুৰৰ পৰা ধুবুৰী বি ও চি মোৰত যাবলগীয়া যাত্ৰীয়ে ধুবুৰীৰ ঝগৰাৰ পাৰ চেক গেটত নামিবলগীয়া হৈছে । যাৰ বাবে ধুবুৰী চহৰৰ স্থানীয় যাত্ৰী তথা অটোচালকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷

সেয়েহে অতি শীঘ্ৰে ধুবুৰী জিলা পৰিৱহন বিভাগ আৰু যান-বাহন আৰক্ষীক পূৰ্বৰ দৰে অটো চলাচলৰ অনুমতি প্ৰদানৰ বাবে আহ্বান জনাইছে ধুবুৰী জিলা অটো চালক সন্থাই ৷ অন্যথা 14 ৰ পৰা 15 ছেপ্তেম্বৰলৈ চহৰখনত অটো চলাচল বন্ধ ৰখাৰ হুংকাৰ অটো চালক সন্থাৰ ৷

লগতে পঢ়ক-বিধানসভা নিৰ্বাচনত 84 টা সমষ্টিত আমি প্ৰাৰ্থীত্ব আগবঢ়ামঃ আম আদমী পাৰ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.