ETV Bharat / state

এডাল ঐশ্বৰিক ৰছীয়ে কৰে ৰোগ নিৰাময় !!! - Dhubri

এটা আচৰিত চিকিৎসা পদ্ধতি ৷ ৰোগ নিৰাময়ৰ বাবে নালাগে ঔষধ কিম্বা বেজী ৷ প্ৰয়োজন নহয় এক্সৰে অথবা অত্যাধুনিক পৰীক্ষাৰো ৷ মাত্ৰ এডাল ঐশ্বৰিক ৰছীয়ে কৰে ৰোগ নিৰাময় ৷

এটা আচৰিত চিকিৎসা পদ্ধতি
author img

By

Published : Aug 20, 2019, 8:43 PM IST

ধুবুৰী,20আগষ্টঃ ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয় সমীপত অৱস্থিত ডাক বাংলাৰ সন্মুখতেই কবিৰাজে চলাই নিছে তেওঁৰ বিশেষ চিকিৎসা ৷ ধুবুৰীৰ চলাকুৰা অঞ্চলৰ জ্বলিল শেখ নামৰ কবিৰাজ জনে প্ৰতিদিনে পোন্ধৰৰ পৰা ষোল্লজন ৰোগীক চিকিৎসা কৰে । পিছে উচ্চ ৰক্তচাপ,বিষ আৰু পেৰালাইচিচ আদি বিভিন্ন জটিল ৰোগৰ চিকিৎসা কবিৰাজ জনে কিদৰে কৰে চাওক এক প্ৰতিবেদনঃ

এটা আচৰিত চিকিৎসা পদ্ধতি

ধুবুৰী,20আগষ্টঃ ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয় সমীপত অৱস্থিত ডাক বাংলাৰ সন্মুখতেই কবিৰাজে চলাই নিছে তেওঁৰ বিশেষ চিকিৎসা ৷ ধুবুৰীৰ চলাকুৰা অঞ্চলৰ জ্বলিল শেখ নামৰ কবিৰাজ জনে প্ৰতিদিনে পোন্ধৰৰ পৰা ষোল্লজন ৰোগীক চিকিৎসা কৰে । পিছে উচ্চ ৰক্তচাপ,বিষ আৰু পেৰালাইচিচ আদি বিভিন্ন জটিল ৰোগৰ চিকিৎসা কবিৰাজ জনে কিদৰে কৰে চাওক এক প্ৰতিবেদনঃ

এটা আচৰিত চিকিৎসা পদ্ধতি
Intro: উচ্চ ৰক্তচাপত আক্ৰান্ত হওঁক বা আন কোনো জটিল ৰোগত আক্ৰান্ত হওঁক। হাতৰ শিৰা ধৰিয়েই চলে চিকিৎসা। বিজ্ঞানৰ যোগতো চিকিৎসকক প্ৰত্যাহ্বান জনাই কবিৰাজে চলাইছে জটিল ৰোগৰ সহজ চিকিৎসা।


Body: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত দেশখন বহুত আগবাঢ়ি গৈছে। চন্দ্ৰলৈ চন্দ্ৰযান আৰু মঙ্গলত মঙ্গলযান প্ৰেৰণ কৰাৰ সময়তে এতিয়াওঁ শিক্ষিত সমাজত চলিছে অন্ধ বিশ্বাস আৰু কু সংস্কাৰৰ দৰে সংঘটিত হৈছে বহু চাঞ্চল্যকৰ ঘটনা। এই দৃশ্য লৈ মন কৰক। এয়া হৈছে ধুবুৰী চহৰৰ দৃশ্য। ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কাষতেই অৱস্থিত ডাক বাংলাৰ সন্মুখতেই জিলা প্ৰশাসনৰ নাকৰ তলতেই এইদৰে পদ পথৰ ওপৰতেই চলিছে কবিৰাজৰ জৰাফুঁকা। বিষ, উচ্চ ৰক্তচাপ, পেৰালাইজ আদি বিভিন্ন ৰোগৰ এইদৰে চিকিৎসা কৰা হৈছে পদ পথত। হাত আৰু ভৰিৰ আঙুলিত মৰাপাটৰ ৰচী লগাই দুজন লোকে এফালৰ পৰা টানিছে আৰু কবিৰাজে চলাইছে নিজৰ কৌশলিক জৰাফুঁকা। দৰাচলতে ধুবুৰীৰ চলাকুৰা অঞ্চলৰ জ্বলিল শেখ নামৰ কবিৰাজ জনে এইদৰে প্ৰতিদিনে পোন্ধৰৰ পৰা ষোল্ল জন ৰোগীক জৰাফুঁকা কৰে। পিছে উচ্চ ৰক্তচাপ, বিষ আৰু পেৰালাইজ আদি বিভিন্ন জটিল ৰোগৰ চিকিৎসা কবিৰাজ জনে কিদৰে কৰে শুনিলেই স্তম্ভিত হব আপুনি। কাৰণ যিকোনো ৰোগৰ চিকিৎসা কৰে কেৱল হাতৰ শিৰাৰ গতি বিধিৰ ওপৰত।

Byte:- (05) জ্বলিল শেখ।

ইপিনে কবিৰাজ জ্বলিলে চিকিৎসা কৰা এই সকল ৰোগীয়ে হেনো পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰিছিল যদিওঁ কোনো আৰোগ্য লাভ কৰা নাই বুলি উল্লেখ কৰি কবিৰাজৰ চিকিৎসা গ্ৰহণ কৰি বহুত আৰোগ্য লাভ কৰিছে বুলি উল্লেখ কৰে। আনকি এসময়ত খোজকাঢ়িব নোৱাৰা জনেও কবিৰাজৰ চিকিৎসা গ্ৰহণ কৰি এতিয়া সুস্থ হৈ ঘৰলৈ উভতিছে বুলিও উল্লেখ কৰে একাংশই।

Byte:- (06) ৰোগী




Conclusion: উল্লেখযোগ্য যে, কবিৰাজ আৰু ৰোগীয়ে কোৱা দৰেই যদি হয় তেন্তে অন্ধ বিশ্বাস আৰু কু সংস্কাৰে আগুৰি ৰখা অঞ্চল সমূহত কবিৰাজে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক প্ৰত্যাহ্বান জনাইছে নেকি। যদি সেয়াই হয় তেন্তে ফেৰ মাৰিব পৰা নাই নেকি এনে অন্ধ বিশ্বাস কু সংস্কাৰক।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.