ধুবুৰী, 22 অক্টোবৰঃ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত চুপাৰী ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ থকাৰ সময়তে সোমবাৰে নিশা ধুবুৰীত শুল্ক বিভাগৰ অভিযানত জব্দ হ'ল দিল্লীলৈ যাত্ৰা কৰা এখন চুপাৰী ভৰ্তি ট্ৰাক। চুপাৰীভৰ্তি ট্ৰাকখন মানকাচৰৰ পৰা গোৱালপাৰা লক্ষীপুৰ হৈ ধুবুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গৈ থকা অৱস্থাতে ধুবুৰী শুল্ক বিভাগৰ এটা বিষয়াৰ দলে অভিযান চলাই চুপাৰী ভৰ্তি ট্ৰাকখন জব্দ কৰে ৷ উল্লেখ্য যে জব্দকৃত HR-55V-824 নম্বৰৰৰ ট্ৰাকখনত সোমবাৰে মানকাচৰৰ পৰা ওঠৰ টন চুপাৰী লোড কৰা হৈছিল। অৱশ্যে এই পৰ্যন্ত এয়া বৈধ নে অবৈধ চুপাৰী সেই বিষয়ে কোনো তথ্য সদৰী কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ।
ধুবুৰীত চুপাৰী ভৰ্তি ট্ৰাক জব্দঃ তদন্ত অব্যাহত - DHUBRI SUPARI TRUCK RECOVER
ধুবুৰীৰ অসম-বংগ সীমান্তৰ পৰা জব্দ এখন চুপাৰী ভৰ্তি ট্ৰাক। ওঠৰ টন ওজনৰ কেইবা লক্ষাধিক টকাৰ চুপাৰী ভৰ্তি ট্ৰাকখন দিল্লী অভিমুখে যাত্ৰা কৰিছিল । HR-55V-824 নম্বৰৰৰ ট্ৰাকখনত সোমবাৰে মানকাচৰৰ পৰা ওঠৰ টন চুপাৰী লোড কৰা হৈছিল ।
ধুবুৰী, 22 অক্টোবৰঃ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত চুপাৰী ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ থকাৰ সময়তে সোমবাৰে নিশা ধুবুৰীত শুল্ক বিভাগৰ অভিযানত জব্দ হ'ল দিল্লীলৈ যাত্ৰা কৰা এখন চুপাৰী ভৰ্তি ট্ৰাক। চুপাৰীভৰ্তি ট্ৰাকখন মানকাচৰৰ পৰা গোৱালপাৰা লক্ষীপুৰ হৈ ধুবুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গৈ থকা অৱস্থাতে ধুবুৰী শুল্ক বিভাগৰ এটা বিষয়াৰ দলে অভিযান চলাই চুপাৰী ভৰ্তি ট্ৰাকখন জব্দ কৰে ৷ উল্লেখ্য যে জব্দকৃত HR-55V-824 নম্বৰৰৰ ট্ৰাকখনত সোমবাৰে মানকাচৰৰ পৰা ওঠৰ টন চুপাৰী লোড কৰা হৈছিল। অৱশ্যে এই পৰ্যন্ত এয়া বৈধ নে অবৈধ চুপাৰী সেই বিষয়ে কোনো তথ্য সদৰী কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ।
Body:
হয়, ধুবুৰীৰ অসম বংগ সীমান্তৰ পৰা জব্দ এখন চুপাৰী ভৰ্তি ট্ৰাক। ওঠৰ টন ওজনৰ কেইবা লক্ষাধিক টকাৰ চুপাৰী ভৰ্তি ট্ৰাকখন দিল্লী অভিমুখে যাত্ৰা কৰিছিল। HR 55 V-824 নম্বৰৰৰ ট্ৰাকখনত সোমবাৰে মানকাচৰৰ পৰা ওঠৰ টন চুপাৰী লোড কৰা হৈছিল। চুপাৰীভৰ্তি ট্ৰাকখন মানকাচৰৰ পৰা গোৱালপাৰা লক্ষীপুৰ হৈ ধুবুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গৈ পশ্চিম বংগ হৈ দিল্লী অভিমুখে যাত্ৰা কৰিছিল। এনেতে গোপন খবৰৰ ভিত্তিত ধুবুৰী শুল্ক বিভাগৰ বিষয়াৰ দল এটাৰ অভিযান চলাই চুপাৰী ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ট্ৰাক খন শুল্ক বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত ৰখাই যাবতীয় নথি পত্ৰ পৰীক্ষা কৰা হৈছে। অৱশ্যে এয়া বৈধ নে অবৈধ ভাৱে চুপাৰী সৰবৰাহ কৰা হৈছে সেই বিষয়ে কোনো তথ্য সদৰী কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। যদিওঁ ট্ৰাকৰ চালকে জনোৱা মতে চুপাৰী আৰু ট্ৰাকৰ নথি পত্ৰ পৰীক্ষা কৰি থকা হৈছে।
Byte:- ট্ৰাক চালক।
Conclusion:অৱশ্যে চুপাৰী খিনি কাৰ পৰা কোনে ক্ৰয় কৰিছে বা এই চুপাৰী সৰবৰাহৰ সৈতে কোন জড়িত সেই কথা জানিব পৰা হোৱা নাই। কিন্তু এয়াও চুপাৰী ছিণ্ডিকেট চক্ৰৰ চুপাৰী বুলি ধাৰণা কৰা হৈছে। এতিয়া বিভাগীয়ৰ তদন্তৰ পিছতহে ওলাব প্ৰকৃত তথ্য।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।