ETV Bharat / state

Allegation against Dhubri Police : ধুবুৰীত আৰক্ষী বিষয়াই ব্যৱসায়িক পিষ্টল দেখুৱাই গুণ্ডামী কৰাৰ অভিযোগ

শনিবাৰে নিশা ধুবুৰীত এজন আৰক্ষী বিষয়াৰ কৰ্মকাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি । অভিযোগ মতে, সাধাৰণ পোচাকত আহি আৰক্ষী বিষয়াই ব্যৱসায়িক পিষ্টল দেখুৱাই গুণ্ডামীৰ কৰাৰ অভিযোগ । অভিযুক্ত আৰক্ষীৰ বিষয়াজন গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি আৰ্য বুলি জানিব পৰা গৈছে ৷

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 1:14 PM IST

Allegation against Dhubri Police
পুনৰ বিতৰ্কত সোমাই পৰিছে ধুবুৰী আৰক্ষী
পুনৰ বিতৰ্কত সোমাই পৰিছে ধুবুৰী আৰক্ষী

ধুবুৰী, 10 ছেপ্টেম্বৰ : বিতৰ্কই যে লগ এৰা নাই অসম আৰক্ষীক ৷ ধুবুৰী আৰক্ষীৰ পিঁয়াজ চুৰিৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ বিতৰ্কত সোমাই পৰিছে ধুবুৰী আৰক্ষী । শনিবাৰে নিশা ধুবুৰীৰ গৌৰীপুৰৰ এগৰাকী আৰক্ষীয়ে পিষ্টল দেখুৱাই এজন ব্যৱসায়ীক ভাবুকি প্ৰদান কৰাৰ অভিযোগত ধুবুৰীৰ এন এছ ৰোডত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ।

অভিযুক্তটো গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি আৰ্য বুলি জানিব পৰা গৈছে ৷ অভিযোগ অনুসৰি, ধুবুৰী চহৰৰ ওচৱাল ক্লিনিকেল লেবৰেটৰীত শনিবাৰে নিশা এজন পিষ্টলধাৰী যুৱকে প্ৰৱেশ কৰে । তাৰ পাচতে অভিযুক্ত যুৱকজনে পিষ্টল দেখুৱাই উক্ত লেবৰেটৰীত কৰ্মৰত এজন যুৱকৰ হাতৰ পৰা ম’বাইল ফোন কাঢ়ি নিয়ে ।

তাৰ পাচতে এনে কিয় কৰিছে বুলি ব্যৱসায়িজনে প্ৰশ্ন কৰাত পিষ্টল দেখুৱাই নিজকে আৰক্ষীৰ লোক বুলি কৈ ভাবুকি প্ৰদান কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ আনকি স্থানীয় ৰাইজে আৱদ্ধ কৰি ৰাখে অভিযুক্তটোক ৷

পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত ধুবুৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি । তাৰ পাচত ধুবুৰী আৰক্ষীয়ে স্পষ্ট কৰে যে অভিযুক্ত গৌৰীপুৰ আৰক্ষী থানাত কৰ্মৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি আৰ্য ৷ ৰাইজৰ ৰক্ষকৰ ৰূপত আৰক্ষী এইবাৰ ভক্ষক হোৱা দেখি হতচম্বিত হৈ পৰিছে সাধাৰণ জনতা ৷ কাক কৰিব বিশ্বাস, কোনে কৰিব জনতাৰ ৰক্ষা ৷

ইফালে শনিবাৰে ধুবুৰীৰ এন এছ ৰোডত সংঘটিত হোৱা এই ঘটনাক অতি গুৰুত্বসহকাৰে লৈছে ধুবুৰী আৰক্ষীয়ে ৷ উক্ত ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Police constable arrested for stealing onion: পিয়াঁজ চোৰ কৰি ৰঙাঘৰৰ আলহী হ’ল খোদ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.