ETV Bharat / state

ধুবুৰী আৰক্ষীৰ সফল অভিযানঃ তিনিদিনৰ অন্তত গ্ৰেপ্তাৰ পলাতক হাফিজুৰ ৰহমান - পলাতক কয়দী

বানপানীৰ সুযোগ লৈ জেলৰ পৰা পলায়ন কৰা কয়দী হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধুবুৰী আৰক্ষীয়ে ৷

তিনিদিনৰ অন্তত গ্ৰেপ্তাৰ পলাতক হাফিজুৰ ৰহমান
author img

By

Published : Jul 20, 2019, 7:14 PM IST

ধুবুৰী, 20 জুলাইঃ বানপানীৰ সুযোগ লৈ জেলৰ পৰা পলায়ন কৰা কয়দী হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধুবুৰী আৰক্ষী ৷ দহমাহ পূৰ্বে ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা হাফিজুৰ ৰহমানে ধুবুৰী ছোৱালী মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা অস্থায়ী কাৰাগাৰৰ পৰা বিগত বুধবাৰে পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷

তিনিদিনৰ অন্তত গ্ৰেপ্তাৰ পলাতক হাফিজুৰ ৰহমান

পৰৱৰ্তী সময়ত ধুবুৰীৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত প্ৰায় 56 ঘন্টীয়া ধাৰাবাহিক অভিযানৰ অন্তত গোৱালপাৰা জিলাৰ জলেশ্বৰ আৰক্ষীৰ সহযোগত ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ছাতাপাৰা গাঁৱৰ পৰা গ্ৰেপ্তাৰ হয় পলাতক হাফিজুৰ ৰহমান ৷

Intro: ধুবুৰী আৰক্ষীৰ এক সফল অভিযান। তিনিদিনৰ মূৰত আৰক্ষীৰ জালত পৰিল পলায়ন কৰা আছামি। যোৱা বুধবাৰে নিশা বানপানীৰ সুযোগ লৈ ধুবুৰীৰ অস্থায়ী কাৰাগৰৰ পৰা পলাই যোৱা হাফিজুৰ ৰহমান বৰ্তমান আৰক্ষীৰ জালত।

Body:
হয়, যোৱা বুধবাৰে নিশা ধুবুৰী ছোৱালী মহাবিদ্যালয়ত থকা অস্থায়ী জিলা কাৰাগৰৰ পৰা পলাই গৈছিল দহ মাহমান পূৰ্বে ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এজন আছামি। আদালতত বিচাৰ চলি থকা সময়তে হঠাৎ বানপানীৰ সুযোগ গ্ৰহণ কৰি জেলৰ পৰা পলায়ন কৰে আছামি জন। পলায়নৰ পিছৰ পৰাই ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই বিগত ৫৬ ঘন্টিয়া ধাৰাবাহিক অভিযানৰ অন্তত গ্ৰেপ্তাৰ হল পলায়ন কৰা আছামি হাফিজুৰ ৰহমান।

PTC

উল্লেখযোগ্য যে, ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত ধুবুৰী আৰক্ষীৰ দল এটাই ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চলত দিনে নিশাই অভিযান চলাই আজি পুৱা গোৱালপাৰা জিলাৰ জলেশ্বৰ আৰক্ষীৰ সহযোগত ফকিৰগঞ্জ আৰক্ষী থানা এলেকাৰ ছাতাপাৰা গাঁওৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় দুৰ্দৰ্ষ আছামি জনক। কৰায়ত্ত কৰাৰ পিছত জলেশ্বৰৰ পৰা গোৱালপাৰা হৈ স্থল পথেৰে ধুবুৰীত উপস্থিত হয় আৰক্ষীৰ দলটো।

PTC

হয়, আজি পলায়নবাদী আছামি জনক ধুবুৰী আদালতত হাজিৰ কৰাই পুনৰ আৰক্ষীৰ জিম্মালৈ নিয়ে আৰক্ষীয়ে।

Conclusion: উল্লেখযোগ্য যে, আৰক্ষীৰ জেৰাৰ পিছত পলায়নৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.