ধুবুৰী,24 জানুৱাৰী: ভাৰতবৰ্ষ হ’ল এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ ৷ ইয়াত প্ৰতিজন নাগৰিকৰ আছে মৌলিক অধিকাৰ ৷ কিন্তু এইখন দেশতে খৰ্ব হৈছে একাংশ নাগৰিকৰ মৌলিক অধিকাৰ ৷ স্বাধীনতাৰ 73 বছৰ পিচতো ভাৰত বাংলাদেশ সীমান্তৱৰ্তী একাংশ লোকক কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে প্ৰতিগৰাকী জনপ্ৰতিনিধি, প্ৰতিখন চৰকাৰে ৷ য’ত নাই কোনো বাট পথ, যাতায়তৰ সু-ব্যৱস্থা ৷ অঞ্চলটোত এখন উপ-স্বাস্থ্যকেন্দ্ৰ আছে যদিও নাই পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা ৷ আছে বৃটিছৰ দিনতে স্থাপিত এখন বিদ্যালয়, য’ত পাঠদান কৰিছে কেৱল দুগৰাকী শিক্ষকে ৷ ধুবুৰীৰ পাটাৰমাৰী অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ আহিছে এইসমূহ বিভিন্ন সমস্যাৰ ৷ কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নাই তিনিবাৰকৈ ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত বদৰুদ্দিন আজমলৰ ৷
কেৱল নিৰ্বাচনৰ সময়তহে বিভিন্ন প্ৰতিশ্ৰুতিৰে স্থানীয় বিধায়ক নজৰুল হকে ৰাইজৰ কাষত উপস্থিত হয় যদিও সাংসদ বদৰুদ্দিন আজমলে আজিকোপতি ভৰি দিয়া নাই অঞ্চলটোত ৷ আনকি সাংসদ পুঁজিৰ জৰিয়তে কোনো উন্নয়নমূলক কামৰো নজিৰ নাই উক্ত অঞ্চলত ৷ ইয়াৰ মাজতো সীমান্তবাসীৰ বাবে আন এক সমস্যা হৈছে উন্মুক্ত সীমান্ত ৷ পাটামাৰী অঞ্চলত প্ৰায় ষাঠি কিলোমিটাৰ সীমান্ত অঞ্চলত নাই কটাতাঁৰৰ ব্যৱস্থা ৷ নিয়ম মতে ভাৰত-বাংলাদেশ সীমান্তৰ জি'ৰ (O) লেণ্ডৰ পৰা ডেৰশ মিটাৰ দূৰত্বত কটাতাঁৰৰ বেৰ থাকিব লাগে যদিওঁ সীমান্ত সুৰক্ষা বাহিনীয়ে নিজৰ ইচ্ছা মতে পাটামাৰী গাঁৱৰ বহু ভিতৰলৈ সোমাই আহি অস্থায়ী কটাতাঁৰৰ বেৰ স্থাপন কৰাৰ অভিযোগ গাঁওবাসীৰ ।
![As_dhb_pattamari-border-issue_vis_as10041](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10350848_2.jpg)
অৱশ্যে পাটামাৰী সীমান্তৰ প্ৰায় ষাঠি কিলোমিটাৰ এলেকাত ফেনচিং নাথাকিলেও স্মাৰ্ট ফেনচিঙৰ জৰিয়তে কিছু চোৰাং ব্যৱসায় ৰোধ হৈছে বুলি দাবী কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ বিগত বৰ্ষত ৬৭ বি এন বিএছএফে দহ এই অঞ্চলটোত প্ৰায় হাজাৰৰো অধিক চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে ৬৭ বি এন বিএছএফৰ চেক্টৰ ডি আই জি জে চি নায়কে ৷ অহা মাৰ্চ মাহৰ ভিতৰতেই সীমান্তৰ স্মাৰ্ট ফেনচিঙৰ কাম সম্পন্ন হ’ব বুলি দাবী কৰিছে চেক্টৰ ডি আই জি গৰাকীয়ে ৷ সেয়া যি নহওঁক কিয়, সীমান্তৱৰ্তী এইসকল ভাৰতীয়ই আৰু কিমানদিনলৈ এইসমূহ জ্বলন্ত সমস্যাৰ সন্মূখীন হ’ব লাগিব? নে নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহ কেৱল ভোট বেংকৰ ৰাজনীতি নহৈ বাস্তৱত ৰূপান্তৰিত হ’ব সেইয়া সময়তহে দেখিবলৈ পোৱা যাব ৷
![As_dhb_pattamari-border-issue_vis_as10041](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10350848_1.jpg)
লগতে পঢ়ক-27 জানুৱাৰীত 24 ঘন্টীয়া চকা বন্ধৰ আহ্বান পৰিবহন সংস্থাৰ