ETV Bharat / state

Jujube cultivation in Dhubri: বগৰী খেতিৰে স্বাৱলম্বী ধুবুৰীৰ খেতিয়ক

উন্নত প্ৰজাতিৰ বগৰী খেতিৰে স্বাৱলম্বী ধুবুৰীৰ খেতিয়ক (self sufficient in jujube cultivation in Dhubri) ৷ প্ৰতি কিলো বগৰীৰ পাইকাৰী মূল্য ৫০ টকা আৰু খুচুৰা মূল্য ৮০ ৰ পৰা ৯০ টকা পৰ্যন্ত বুলি জানিবলৈ দিয়ে ছানোৱাৰ হুছেইন মোল্লাই । ২০০ জোপা বগৰী গছৰ পৰা কমেও ৩ ৰ পৰা ৪ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে বগৰী খেতিয়ক গৰাকীয়ে ।

author img

By

Published : Jan 17, 2023, 6:57 PM IST

Melon cultivation in Dhubri
বগৰী খেতিৰে স্বাৱলম্বী ধুবুৰীৰ খেতিয়ক
বগৰী খেতিৰে স্বাৱলম্বী ধুবুৰীৰ খেতিয়ক

ধুবুৰী, 17 জানুৱাৰী : উচ্চ শিক্ষাৰে শিক্ষিত ধুবুৰীৰ এগৰাকী নিবনুৱা যুৱকে চাকৰিৰ পিছে পিছে দৌৰি সময় নষ্ট কৰাৰ পৰিৱৰ্তে কৃষিকৰ্মৰে দাঙি ধৰিবলৈ সক্ষম হৈছে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন । উল্লেখ্য যে, ধুবুৰীৰ ভাষানীৰ চৰ দ্বিতীয় খণ্ড গাঁৱৰ ছানোৱাৰ হুছেইন মোল্লাহ নামৰ উচ্চ শিক্ষিত নিবনুৱা যুৱকজনে চাকৰিৰ বাবে লাগি নাথাকি আৰম্ভ কৰে কৃষি কৰ্ম । পূৰ্বে বিভিন্ন খেতি কৰ্মত মনোনিৱেশ কৰিছিল যদিও বিশেষভাৱে সফলতা লাভ কৰিবলৈ সক্ষম নোহোৱা ছানোৱাৰ হুছেইন মোল্লাই অৱশেষত আৰম্ভ কৰে উন্নত প্ৰজাতিৰ বগৰীৰ খেতি ((self sufficient in jujube cultivation in Dhubri)।

তিনিটা প্ৰজাতিৰ বগৰীৰ ভিতৰত আছে আপেল কুল বগৰী, বলসুন্দৰী আৰু বাওঁকুল বগৰী । সামাজিক মাধ্যম ইউটিউবৰ পৰা উন্নত প্ৰজাতিৰ বগৰী খেতি কৰাৰ সম্যক জ্ঞান আহৰণ কৰাৰ পিছত হাটচিঙিমাৰী অঞ্চলৰ এজন বগৰী খেতিয়কৰ পৰা প্ৰয়োগিক প্ৰশিক্ষণ লয় ছানোৱাৰ হুছেইন মোল্লাই । তাৰ পিছত বঙাইগাঁও জিলাৰ পৰা ২০০ ডাল মান বগৰী গছৰ পুলি ক্ৰয় কৰি আনি দুবিঘামান মাটিত ৰোৱে ছানোৱাৰ হুছেইন মোল্লাই ।

প্ৰায় সাত মাহৰ ভিতৰতেই প্ৰতিজোপা বগৰী গছ শ শ বগৰীৰে ভৰি পৰে । বগৰী খেতিয়ক ছানোৱাৰ হুছেইন মোল্লাই কোৱা মতে, ইতিমধ্যে বগৰী বিক্ৰী কৰা আৰম্ভ হৈছে । প্ৰতিজোপা বগৰী গছৰ পৰা উৎপাদন হৈছে প্ৰায় ৩০ ৰ পৰা ৪৫ কিলোগ্ৰামকৈ বগৰী । প্ৰতি কিলো বগৰীৰ পাইকাৰী মূল্য ৫০ টকা আৰু খুচুৰা মূল্য ৮০ ৰ পৰা ৯০ টকা পৰ্যন্ত বুলি জানিবলৈ দিয়ে ছানোৱাৰ হুছেইন মোল্লাই ।

২০০ জোপা বগৰী গছৰ পৰা কমেও ৩ ৰ পৰা ৪ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে বগৰী খেতিয়ক গৰাকীয়ে । আনহাতে অনাগত দিনত এই বগৰী খেতিৰ জৰিয়তে উপাৰ্জনৰ পৰিমাণ বৃদ্ধি পোৱাটো নিশ্চিত বুলি উল্লেখ কৰি নিজকে এগৰাকী সফল খেতিয়ক বুলি দাবী কৰে বগৰী খেতিয়ক ছানোৱাৰ হুছেইন মোল্লাই (Dhubri man self sufficient by jujube cultivation)।

অসম চৰকাৰৰ সাহায্য অথবা ঋণ লাভ কৰিলে অনাগত দিনত নিজৰ লগতে আন দহজনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে ধুবুৰীৰ বগৰী খেতিয়ক ছানোৱাৰ হুছেইন মোল্লাই । আক্ষেপজনিত বিষয় যে, ধুবুৰীৰ এনে আদৰ্শবান খেতিয়কক উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে কৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জিলা কৃষি বিভাগে তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : Drugs from Myanmar: ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ 5 আৰক্ষী জোৱান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.