ETV Bharat / state

অখিল গগৈক মুক্তিৰ দাবীত ধুবুৰীত প্ৰতিবাদ কৃষক মুক্তিৰ - DHUBRI KMSS PROTEST REGARDING AKHIL GOGOI RELEASE FROM JAIL ETV BHARAT NEWS

ধুবুৰীত কৃষকমুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট । ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অখিল গগৈসহ কাৰাবন্দী কৃষক নেতা সকলক মুক্তিৰ দাবী জনায়।

অখিল গগৈক মুক্তিৰ দাবীত ধুবুৰীত প্ৰতিবাদ কৃষক মুক্তিৰ

author img

By

Published : Mar 11, 2020, 2:39 PM IST

Updated : Mar 11, 2020, 2:50 PM IST

ধুবুৰী, 11 মাৰ্চঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা কৃষকমুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তিনিদফীয়া দাবীৰ ভিত্তিত দুই ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। দিনৰ এঘাৰ বজাৰ পৰা এক বজালৈ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি কৃষক নেতা অখিল গগৈক উন্নত মানৰ চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে অখিল গগৈসহ কাৰাবন্দী নেতা সকলক বিনাচৰ্তে মোকোলাই দিয়াৰ দাবী আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দেৱীকে ধৰি তিনিদফীয়া দাবীৰ ভিত্তিত চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিমুক হক আৰু ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আকতাৰ হুছেইনে অসম চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰি কৃষক মুক্তি আৰু ছাত্ৰমুক্তি সংগ্ৰাম সমিতিক চৰকাৰে ভয় কৰিছে বাবেই ষড়যন্ত্ৰ মূলকভাৱে অখিল গগৈক মাওবাদীৰ সজাই জেলত আবদ্ধ কৰি ৰাখিছে বুলি উল্লেখ কৰে ।

অখিল গগৈক মুক্তিৰ দাবীত ধুবুৰীত প্ৰতিবাদ কৃষক মুক্তিৰ
অৱশ্যে এই আন্দোলনৰ জৰিয়তে অসম চৰকাৰলৈ কোনো ধৰণৰ স্মাৰক পত্ৰ প্ৰদান নকৰিলেও কৃষক মুক্তি আৰু ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ দাবী পুৰণ কৰা নহলে অনাগত দিনত ভয়াৱহ ভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি সকীয়াই দিয়ে কৃষক মুক্তি আৰু ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে।লগতে চাওকঃ

ৰঙেৰে একাকাৰ সত্ৰনগৰী বৰপেটা

Last Updated : Mar 11, 2020, 2:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.