ETV Bharat / state

প্ৰশাসনে ছীল মৰা অট্টালিকাত চলিল অবৈধ নিৰ্মাণ কাৰ্য - ছীল মৰা অট্টালিকাত চলিল অবৈধ নিৰ্মাণ কাৰ্য

সাৰদা চিট ফাণ্ডৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ছীল হৈ থকা ধুবুৰীৰ চিএইচ ৰোডৰ অট্টালিকাত চলিছে অবৈধ নিৰ্মাণ কাৰ্য । মনোজ তাতে ওৰফে ৰাজু নামৰ প্ৰভাৱশালী এগৰাকী অনা অসমীয়া ব্যৱসায়ীয়ে চলাই আছিল এই অবৈধ নিৰ্মাণ কাৰ্য । উল্লেখ্য যে, ২০১২ চনত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰে ছীল কৰিছিল ধুবুৰীৰ চাৰি মহলীয়া সাৰদা অট্টালিকাটো ৷

As_dhb_01_03march_sarada_scam_vis+byte_as10041
সাৰদা কেলেংকাৰীৰ অভিযোগত ছিল হৈ থকা অট্টালিকাত অবৈধ নিৰ্মাণকাৰ্য
author img

By

Published : Mar 1, 2021, 1:02 PM IST

ধুবুৰী,1 মাৰ্চ: ধুবুৰীত অনা অসমীয়া ব্যৱসায়ীৰ দপদপনি ৷ জিলা প্ৰশাসনে নাকি লগাব পৰা নাই অনা অসমীয়া ব্যৱসায়ীক । সাৰদা কেলেংকাৰীৰ অভিযোগত দীৰ্ঘদিনে ছীল হৈ থকা অট্টালিকাত অনা অসমীয়া ব্যৱসায়ীয়ে চলাইছে নিৰ্মাণ কাৰ্য ৷

As_dhb_01_03march_sarada_scam_vis+byte_as10041
সাৰদা কেলেংকাৰীৰ অভিযোগত ছিল হৈ থকা অট্টালিকাত অবৈধ নিৰ্মাণকাৰ্য

ঘটনাৰ বিৱৰণী অনুসৰি, সাৰদা চিট ফাণ্ডৰ গোচৰত ছীল হৈ থকা ধুবুৰীৰ চি এইচ ৰোডৰ অট্টালিকাত চলিছে অবৈধ নিৰ্মাণ কাৰ্য । মনোজ তাতে ওৰফে ৰাজু নামৰ প্ৰভাৱশালী অনা অসমীয়া এগৰাকী ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি চলাই আছিল এই অবৈধ নিৰ্মাণ কাৰ্য । উল্লেখ্য যে, ২০১২ চনত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰে ছীল কৰিছিল ধুবুৰীৰ চাৰি মহলীয়া এটি অট্টালিকা ৷ কিন্তু অট্টালিকাটোত স্থানীয় ব্যৱসায়ী মনোজ তাতেই পুনৰ আৰম্ভ কৰিছে নিৰ্মাণ কাৰ্য ৷

ঘটনা সন্দৰ্ভত সাংবাদিকে আৰক্ষীক অৱগত কৰিছিল ৷ কিন্তু আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণৰ সলনি পলমকৈ উপস্থিত হয় ঘটনাস্থলীত ৷ আনহাতে, অট্টালিকাৰ ভিতৰত সাংবাদিকৰ দলক প্ৰৱেশতো বাধা আৰোপ কৰে ব্যৱসায়ী মনোজ তাতেয়ে ৷ সাংবাদিকক শাৰিৰীকভাৱে অপদস্থ কৰাৰো অভিযোগ উত্থাপিত হৈছে ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে ৷

আনহাতে, এই সন্দৰ্ভত প্ৰশাসনৰ ভূমিকা ৰহস্যজনক ৷ তাৎক্ষণিক তদন্তৰ সলনি সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে ৷ অট্টালিকাটোত সাধাৰণ কাম চলি থকা বুলি মন্তব্য কৰিছে ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত চৰফৰাজ হকে ৷ এই ক্ষেত্ৰত প্ৰশাসনক উচিত তদন্ত কৰাৰ বাবে দাবী জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজৰ ৷ লগতে প্ৰশাসন-ব্যৱসায়ীৰ মাজত বুজাপৰা থকাৰ আশংকা কৰিছে ৰাইজে ৷

লগতে পঢ়ক-দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.