ধুবুৰী, 25 আগষ্টঃ ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ কাৰ্যালয়টোৰ ওপৰ মহলাৰ আবকাৰী বিষয়াৰ কাৰ্যালয়ত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় অঞ্জু কুমাৰী দেৱী নামৰ মহিলাগৰাকীৰ মৃতদেহ ৷
ঘটনা অনুসৰি, মঙলবাৰে পুৱা প্ৰায় চাৰে ছয় মান বজাত অঞ্জু কুমাৰী দেৱী নামৰ চাফাইকৰ্মীগৰাকী উপায়ুক্তৰ কাৰ্যালয়লৈ যায় ৷ দিনৰ প্ৰায় চাৰে দহ মান বজাত কাৰ্যালয়ৰ কৰ্মচাৰীয়ে কাৰ্যালয়ত উপস্থিত হয় যদিওঁ মূল দুৱাৰখন ভিতৰৰ পৰা বন্ধ থকাৰ বাবে চাঞ্চল্যৰ সৃষ্টি হয় ৷ পৰৱৰ্তীসময়ত একাংশ কৰ্মচাৰীয়ে দুৱাৰখন খুলি ভিতৰত চিপ লৈ থকা অৱস্থাত অঞ্জু কুমাৰী দেৱীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে ৷
আনহাতে, তেখেতৰ পুত্ৰই জনোৱা অনুসৰি প্ৰতিদিনৰ দৰে মঙলবাৰেও অঞ্জু কুমাৰী দেৱীয়ে ঘৰৰ পৰা কাৰ্যালয়ৈ ৰাওনা হৈছিল ৷ এইয়া আত্মহত্যা নহৈ হত্যাকাণ্ড বুলি সন্দেহ কৰিছে তেখেতৰ পুত্ৰই ৷
লগতে পঢ়ক-প্ৰতিবাদত কপি উঠিল প্ৰাগ ব’চিমি ছিন্থেটিক লিমিটেড চৌহদ