ETV Bharat / state

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ মিন্টুৰ শিক্ষাৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিল নৱ প্ৰজন্ম

author img

By

Published : Nov 1, 2019, 5:33 PM IST

মিউনিচিপাল হাই স্কুলৰ নৱম মান শ্ৰেণীত অধ্যয়ন কৰি থকা মনোৰঞ্জন ভাওঁৱালৰ পুত্ৰ মিন্টু ভাওঁৱালে সপোন দেখিছে ভৱিষ্যতে এজন ভাল বৈজ্ঞানিক হোৱাৰ ৷ পঢ়া শুনাৰ বাবে ঘৰখনত নাই উপযুক্ত পৰিৱেশ ৷ দিনত পিতৃক মোনা প্ৰস্তুত কৰা কামত সহায় কৰি দিয়া মিন্টু ভাওঁৱালে নিশা লেম্পৰ পোহৰত পঢ়া শুনা কৰে ৷ ই টিভি ভাৰতযোগে প্ৰচাৰ হোৱা বাতৰিৰ পিছতেই ধুবুৰী জিলাৰ উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত এই দলটোৱে মিণ্টুক বিদ্যালয়লৈ যোৱাৰ বাবে উপহাৰ দিলে এখন চাইকেল লগতে গ্ৰহণ কৰিলে মিন্টুৰ পঢ়া শুনাৰ সমগ্ৰ দায়িত্ব ৷

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ মিন্টুৰ শিক্ষাৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিল নৱ প্ৰজন্ম

ধুবুৰী, 1 নৱেম্বৰঃ ই টিভি ভাৰতৰ এক ইতিবাচক বাতৰিৰ প্ৰভাৱ ৷ ই টিভি ভাৰতে হাঁহি বিৰিঙালে অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা ধুবুৰীৰ এজন মেধাৱী ছাত্ৰত মুখত ৷ ধুবুৰী চহৰৰ ইন্দিৰা গান্ধী পথৰ মনোৰঞ্জন ভাওঁৱাল আৰু তেঁওৰ পৰিয়ালে ভগা জুপুৰিতেই বহু কষ্টৰে সুদীৰ্ঘ বছৰে অব্যাহত ৰাখিছে জীৱন সংগ্ৰাম ৷ কাগজৰ মোনা প্ৰস্তুত কৰি জীৱন নিৰ্বাহ কৰা মনোৰঞ্জন ভাওঁৱালৰ ঘৰত নাই বিদ্যুতৰ ব্যৱস্থা ৷ ইয়াৰ মাজতেই মিউনিচিপাল হাই স্কুলৰ নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা মনোৰঞ্জন ভাওঁৱালৰ পুত্ৰ মিন্টু ভাওঁৱালে সপোন দেখিছে ভৱিষ্যতে এজন ভাল বৈজ্ঞানিক হোৱাৰ ৷ পঢ়া শুনাৰ বাবে ঘৰখনত নাই উপযুক্ত পৰিৱেশ ৷ দিনত পিতৃক মোনা প্ৰস্তুত কৰা কামত সহায় কৰি দিয়া মিন্টু ভাওঁৱালে নিশা লেম্পৰ পোহৰত পঢ়া শুনা কৰে ৷

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

পৰিয়ালটোৰ জীৱন সংগ্ৰামৰ কাহিনী ই টিভি ভাৰতযোগে প্ৰচাৰ হোৱাৰ পিছতেই মিন্টু ভাওঁৱালক সহায়ৰ বাবে আগবাঢ়ি আহিছে আস্থা নামৰ এটা সংস্থা ৷ ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত এই দলটোৱে মিণ্টুক বিদ্যালয়লৈ যোৱাৰ বাবে উপহাৰ দিলে এখন চাইকেল লগতে গ্ৰহণ কৰিলে মিন্টুৰ পঢ়া শুনাৰ সমস্ত দ্বায়িত্ব ৷

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

আনহাতে, আস্থা গোটৰ সভাপতি নিপন ঘোষ আৰু সম্পাদিকা দেৱলীনা ভট্টাচাৰ্যীয়ে মিণ্টুৰ পঢ়াশুনাৰ দায়িত্ব গ্ৰহণ কৰি ইটিভি ভাৰতক জনালে ধন্যবাদ ৷ লগতে ই টিভি ভাৰতৰ ইতিবাচক বাতৰিৰ প্ৰসংশা কৰে ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাই ৷ কঠোৰ পৰিশ্ৰম আৰু জীৱন সংগ্ৰামৰ মাজত মিণ্টুৱে দেখা সপোন বাস্তৱলৈ ৰূপান্তৰ হওঁক ইটিভি ভাৰতৰ পৰাও তাৰেই শুভকামনা ৷

Intro: ETV BHARAT ৰ এক ইতিবাচক বাতৰিৰ প্ৰভাৱ। ইটিভি ভাৰতে হাঁহি বিৰিঙালে অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা ধুবুৰীৰ এগৰাকী মেধাবী ছাত্ৰৰ মুখত। নিশা যাপন কৰিব পৰা নাই এখন ভাল ঘৰ। শান্তিৰে শুবলৈ নাই এখন বিচনা। পঢ়াৰ বাবে নাই এখন ভাল টেবল। বহিবলৈ নাই এখন চকী। কিন্তু এনে পৰিৱেশৰ সৈতে মোকাবেলা কৰি তেনে পৰিস্থিতিক প্ৰত্যাহ্বান জনাই ভৱিষ্যতে এজন বৈজ্ঞানিক হোৱাৰ সপোন দেখিছে ধুবুৰীৰ এজন ছাত্ৰ মিণ্টুৱে। ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই মিণ্টুক সহায় কৰিবলৈ আগবাঢ়ি আহিল আস্থা নামৰ এটা গ্ৰুপ।

Body: ধুবুৰী চহৰৰ ইন্দিৰা গান্ধী পথৰ এটা পৰিয়াল। মনোৰঞ্জন ভাওঁৱাল নামৰ এজন অতি দৰিদ্ৰ লোকৰ ঘৰ এইখন। ভগা জুপুৰি খনতেই বহু কষ্টৰে সুদীৰ্ঘ বছৰে জীৱন সংগ্ৰাম কৰি আহিছে এই পৰিয়ালটো। ঘৰৰ ভিতৰত থকাৰ ব্যৱস্থা নাথাকিলেও তাৰ মাজতেই কাগজৰ ঠোঙা প্ৰস্তুত কৰি প্ৰতিদিনে এশৰ পৰা ডেৰশ টকা উপাৰ্জন কৰাৰ চেষ্টা কৰিছে মনোৰঞ্জন ভাওঁৱাল নামৰ এইজন বৃদ্ধই।

ইপিনে মাজে সময়ে আজৰি সময় উলিয়াই নিজ পিতৃৰ কামত সহায় কৰি অহা এইজনেই হৈছে ধুবুৰী মিনিচিপাল হাই স্কুলৰ নৱম মান শ্ৰেণীত অধ্যয়ন কৰি থকা মিন্টু ভাওঁৱাল। ধুবুৰী মিনিচিপাল হাই স্কুলৰ নৱম মান শ্ৰেণীত অধ্যয়ন কৰি থকা মিন্টু ভাওঁৱালৰ নাই শুবলৈ এখন বিচনা। পঢ়িবলৈ নাই এখন চকী অথবা টেবল। স্কুল বন্ধৰ সময় চোৱাত এইদৰে দিনৰ ভাগত পিতৃৰ সৈতে কাগজৰ ঠোঙা বনোৱা কাম কৰাৰ বিপৰীতে ৰাতিৰ ভাগত পঢ়াশুনা কৰে। কিন্তু ঘৰত বিদ্যুৎ যোগান অৰ্থাৎ পোহৰৰ ব্যৱস্থা নোহোৱাকৈ ৰাতিৰ ভাগত কিদৰে পঢ়াশুনা কৰে মিন্টু ভাওঁৱাল। নিশাৰ ভাগত কেৱল এখন লেম্প জ্বলি থকা দেখা গৈছে। কিন্তু কোনোবা এজন পঢ়ি আছে। যদিওঁ কোনে পঢ়ি সেয়া আমি ধৰিব পৰা নাছিলোঁ। পিছত আমাৰ কেমেৰাৰ লাইটৰ পোহৰ দিয়াৰ পিছতহে দেখিবলৈ পোৱা গল এই জনেই সেইজন মিন্টু ভাওঁৱাল। যিজন মেধাবী ছাত্ৰই এই আন্ধাৰৰ মাজতেই বিচাৰি ফুৰিছে নিজৰ ভৱিষ্যতৰ এটা এটা চিৰি। সপোন দেখিছে এজন বৈজ্ঞানিক হোৱাৰ।

এই লৈ আমি ইটিভি ভাৰতে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। তাৰ পিছতেই মিন্টু ভাওঁৱালক সহায় কৰিবলৈ আগবাঢ়ি আহিল ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত এই সকল নৱ প্ৰজন্মই। নতুনকৈ জন্ম হোৱা আস্থা নামৰ গোট এটাই মিণ্টুক বিদ্যালয় লৈ যোৱাৰ বাবে উপহাৰ দিলে এখন চাইকেল। গ্ৰহণ কৰিলে মিণ্টুৰ লিখা পঢ়াৰ খৰচৰ দায়িত্ব। পূৰ্বে ই ৰিক্সৰে বিদ্যালয় লৈ মিন্টু আজি চাইকেল পাই আনন্দ মনে গল বিদ্যালয় লৈ। সন্তুষ্ট মিণ্টুৰ পিতৃ মাতৃ। মিণ্টুৱে ধন্যবাদ জনালে ইটিভি ভাৰতক।

Byte:- (03) মিন্টু ভাওঁৱাল।।

ইপিনে আস্থা গোটৰ সভাপতি নিপন ঘোষ আৰু সম্পাদিকা দেৱলিনা ভট্টাচাৰ্যীয়ে মিণ্টুৰ পঢ়াশুনাৰ দায়িত্ব লৈ ইটিভি ভাৰতক জনালে ধন্যবাদ।

Byte:- (05) সভাপতি/সম্পাদিকা।

ইপিনে ইটিভি ভাৰতৰ ইতিবাচক বাতৰিৰ প্ৰশংসা কৰিলে ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাই।

Byte:- (04) তৃণয়ণ ভূঞা, উপ আৰক্ষী অধীক্ষক।

Conclusion:উল্লেখযোগ্য যে, সপোন সকলোৰে বাবে আহে। কিন্তু আমাৰ আপোনাৰ আৰু মিণ্টুৰ সপোনৰ মাজত আছে বহু পাৰ্থক্য। কঠোৰ পৰিশ্ৰম আৰু জীৱন সংগ্ৰামৰ মাজত মিণ্টুৱে দেখা সপোন বাস্তৱলৈ ৰূপান্তৰ হওঁক তাকেই কামনা কৰিছোঁ আমি ইটিভি ভাৰতে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

( যোৱা ২০ অক্টোবৰত পঠিওৱা বাতৰিৰ ভিজুৱেল লগাব প্লিজ )
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.