ধুবুৰী,২৮ এপ্ৰিল: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাত কৰ'ণাৰ গণ সংক্ৰমণে ভয়াৱহ পৰিৱেশৰ দিশে আগবাঢ়িছে । জিলাখনত বুধবাৰে পুনৰ ২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে । মৃত সকলৰ ভিতৰত আছে গৌৰীপুৰৰ মাটিয়াবাগৰ ৬৭ বছৰীয়া বদিয়াজ জামান সৰকাৰ আৰু ধুবুৰী চহৰৰ ১২ নং ৱাৰ্ডৰ ৭০ বছৰীয়া সুবত চন্দ্ৰ ৰায় ।
বদিয়াজ জামান সৰকাৰৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আৰু সুবত চন্দ্ৰ ৰায়ৰ মৃত্যু হয় ধুবুৰী অসামৰিক চিকিৎসালয়ত । ইয়াৰ লগে লগে জিলাখনত মৃ্ত্যুৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পালে ।
লক্ষণীয়ভাৱে বুধবাৰে নতুনকৈ ৬৮ জন লোকৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ২৬৯ টা । বৰ্তমানলৈ ১০ গৰাকী ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠাৰ বিপৰীতে জিলাখনত সক্ৰিয় ঘটনা আছে ২৫৬ টা । জিলাখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যাও বৃদ্ধি পোৱাত জিলাখনত আতংকৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক:পুৱাতেই অহা ভূঁইকপত নগাঁৱত হালি পৰিল অট্টালিকা