ETV Bharat / state

এপাহী গোলাপ লৈ ধুবুৰীত ঘৰে ঘৰে অতিৰিক্ত উপায়ুক্ত - ধুবুৰী

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ তৎপৰ ধুবুৰী জিলা প্ৰশাসন ৷ ভোটদানৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলা প্ৰশাসনে জ্যেষ্ঠ ভোটাৰ আৰু দিব্যাংগ ভোটাৰসকলৰ ঘৰে ঘৰে গৈ এপাহী গোলাপ আৰু নিমন্ত্ৰণী পত্ৰৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ।

এপাহী গোলাপ আৰু নিমন্ত্ৰণী পত্ৰৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান ধুবুৰী জিলা প্ৰশাসনৰ
author img

By

Published : Apr 21, 2019, 6:32 PM IST

ধুবুৰী,21এপ্ৰিল: দেওবাৰে ধুবুৰী জিলা প্ৰশাসনৰ এক বিশেষ পদক্ষেপ ৷ নিৰ্বাচন আয়োগৰ এক নিৰ্দেশ মৰ্মে অহা 23 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ধুবুৰী লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলা প্ৰশাসনে ধুবুৰীৰ জ্যেষ্ঠ নাগৰিক তথা ভোটাৰৰ লগতে দিব্যাংগ ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ ভোটপ্ৰদানৰ বাবে আহ্বান জনায় ৷ জিলা অতিৰিক্ত উপায়ুক্ত অনুমেশ তালুকদাৰৰ নেতৃত্বত জিলা উন্নয়ন আয়ুক্ত চক্ৰ বিষয়াকে ধৰি প্ৰশাসনিক বিষয়াৰ এটা দলে এইদৰে জ্যেষ্ঠ ভোটাৰ আৰু দিব্যাংগ ভোটাৰসকলৰ ঘৰে ঘৰে গৈ এপাহী গোলাপ আৰু নিমন্ত্ৰণী পত্ৰৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । ইপিনে জিলা প্ৰশাসনৰ এনে পদক্ষেপক শলাগ লয় জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটাৰ সকলে । উল্লেখ্য যে, ভোট প্ৰদানৰ সময়ত জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটাৰসকলক বিশেষ সুবিধা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে জিলা অতিৰিক্ত উপায়ুক্ত অনিমেশ তালুকদাৰে ৷

SLUG- A_DHB_813_815_21APRIL_PWD_VOTERS_VIS+BYTE_SHAHANUR
( Files send through MOJO )

     oc/vo:- দেশৰ নিৰ্বাচন আয়োগৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দ্বিবাংগ ভোটাৰ আৰু জ্যেষ্ঠ ভোটাৰ সকলৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নিৰ্বাচন আয়োগৰ এক নিৰ্দেশ মৰ্মে অহা তেইশ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া ধুবুৰী লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি আজি ধুবুৰী জিলা প্ৰশাসনে ধুবুৰীৰ জ্যেষ্ট নাগৰিক তথা ভোটাৰৰ লগতে দ্বিবাংগ ভোটাৰ সকলৰ ঘৰে ঘৰে প্ৰৱেশ কৰি নিজৰ নিজৰ ভোট প্ৰদানৰ বাবে নিমন্ত্ৰণ জনোৱা হয়। জিলা অতিৰিক্ত উপায়ুক্ত অনুমেশ তালুকদাৰৰ নেতৃত্বত জিলা উন্নয়ন আয়ুক্ত চক্ৰ বিষয়াকে ধৰি প্ৰশাসনিক বিষয়াৰ দল এটিয়ে এইদৰে জ্যেষ্ঠ ভোটাৰ আৰু দ্বিবাংগ ভোটাৰ সকলৰ ঘৰে ঘৰে প্ৰৱেশ কৰি এপাহী গোলাপ আৰু নিমন্ত্ৰনী প্ৰত্ৰৰে ভোটাধিঢাকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
       জিলা প্ৰশাসনৰ এই পদক্ষেপক শলাগ লয় জ্যেষ্ঠ নাগৰিক আৰু দ্বিবাংগ ভোটাৰ সকলে।

    উল্লেখযোগ্য যে, ভোট প্ৰদানৰ সময়ত জ্যেষ্ঠ নাগৰিক আৰু দ্বিবাংগ ভোটাৰ সকলক বিশেষ সুবিধা থাকিব।
 লগতে দ্বিবাংগ ভোটাৰ সকলক ঘৰৰ পৰা ভোট কেন্দ্ৰলৈ নিয়া আৰু ঘৰলৈ উভতি অনাৰ ক্ষেত্ৰত ট্ৰাই চাইকেলৰ ব্যৱস্থা কৰা হব বুলি উল্লেখ কৰে জিলা অতিৰিক্ত উপায়ুক্ত অনিমেশ তালুকদাৰে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.