ETV Bharat / state

বোৱা-কটাৰ জড়িয়তে স্বাৱলম্বীতাৰ নিদৰ্শন কবিৰ উদ্দিন আৰু তেওঁৰ পত্নীৰ

author img

By

Published : Oct 11, 2020, 1:55 PM IST

চৰকাৰী চাকৰিলৈ আশা নকৰি বোৱা-কটাৰ জড়িয়তে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে ধুবুৰীৰ এক দম্পত্তিয়ে ৷ ঘৰতে তাঁতশাল বহুৱাই নিজৰ লগতে আন দহজনৰ বাবে স্বাৱলম্বীতাৰ বাট মুকলি কৰি দিছে কবিৰ উদ্দিন আৰু তেওঁৰ পত্নীয়ে ৷ ৰাজ্যৰ বাহিৰতো তেওঁলোকৰ তাঁতশালত উৎপাদিত সামগ্ৰীৰ সমাদৰ ৷

নিজৰ লগতে আন দহজনৰ বাবে স্বাৱলম্বীতাৰ বাট মুকলি কবিৰ উদ্দিন আৰু তেওঁৰ পত্নীৰ

ধুবুৰী, 11 অক্টোবৰ: বোৱা-কটাৰ জড়িয়তে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে স্নাতক ডিগ্ৰীধাৰী ধুবুৰীৰ এক দম্পত্তিয়ে ৷ চৰকাৰী চাকৰিলৈ আশা নকৰি ঘৰতে তাঁতশাল স্থাপন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনকো স্বাৱলম্বী হোৱাৰ বাবে বাট মুকলি কৰি দিছে এই দম্পত্তিয়ে ৷ কবিৰ উদ্দিন আৰু তেওঁৰ পত্নীৰ তাঁতশালত উৎপাদিত মেখেলা, গামোছা , লুঙী, শাৰী ইত্যাদিয়ে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো সমাদৰ লাভ কৰিছে ৷

চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি বহি থকাতকৈ ঘৰতে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত ধুবুৰীৰ ডিমাতলা গাঁৱৰ এই দম্পত্তিয়ে লোৱা পদক্ষেপ বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত যথেষ্ঠ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ কোনো ধৰণৰ চৰকাৰী সাহায্য নোপোৱাক লৈ সাংবাদিকৰ আগত আক্ষেপ প্ৰকাশ কৰি কবিৰ উদ্দিন আৰু তেওঁৰ পত্নীয়ে কয় যে, এপইছাও চৰকাৰী সাহায্য পোৱা নাই যদিও তেওঁলোকে উদ্যমেৰে নিজৰ কাম চলাই গৈছে ৷

লগতে পঢ়ক: পত্নীয়ে কৰ্মৰত অংগনবাড়ী কেন্দ্ৰত চুৰি কৰিবলৈ গৈ ধৰা পৰিল স্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.