ETV Bharat / state

ছিণ্ডিকেটৰে জড়িত নেকি ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক ?

author img

By

Published : May 31, 2021, 5:54 PM IST

Updated : May 31, 2021, 6:19 PM IST

বিভিন্ন ছিণ্ডিকেটৰ দুৱাৰ মুখ হিচাপে চিহ্নিত হোৱা ধুবুৰীত ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলিপ । বিভিন্ন ছিণ্ডিকেটৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ধুবুৰী জিলাৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাস সহ দুজন লোক ।

dhubri-border-dsp-arrested
ছিণ্ডিকেটৰে জড়িত নেকি ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক ?

ধুবুৰী, 31 মে’: শিল, বালি আৰু ব্ৰইলাৰ ছিণ্ডিকেটৰ লগতে একাধিক ছিণ্ডিকেটৰ বাবে দুৱাৰমুখ হিচাপে চিহ্নিত হৈ পৰিছে ভাৰত বাংলা সীমান্ত আৰু অসম বংগ সীমান্তৱৰ্তী ধুবুৰী জিলা । বিভিন্ন সময়ত একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে এই ছিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । সেই অভিযোগ যেন ক্ৰমাৎ সত্য প্ৰমাণ হবলৈ ধৰিছে । তেনে অভিযোগৰ ভিত্তিত সোমবাৰে গ্ৰেপ্তাৰ হ’ল ধুবুৰী সীমান্ত উপ আৰক্ষী অধীক্ষক যতীন দাস ।

এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী জিলা নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ নিৰ্দেশত আটক কৰা হয় ছিণ্ডিকেটৰ সৈতে জড়িত ৰফিকুল প্ৰামাণিক নামৰ এজন যুৱকক । তেওঁৰ ঘৰত অভিযান চলাই ৪.২১ লাখ টকা উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধুবুৰী জিলা (সীমান্ত) উপ আৰক্ষী অধীক্ষক যতীন দাসক ।

আৰক্ষী বিষয়াজনৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৫৬ হাজাৰ টকা । তাৰ পিছতেই আৰক্ষী বিষয়াসহ দুজনক গ্ৰেপ্তাৰ কৰি ধুবুৰী সদৰ আৰক্ষী থানাত ৰখাৰ বিপৰীতে 881/21 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 120(বি)/409 ধৰাত গোচৰ ৰুজু কৰা হয় ।

তদুপৰি সোমবাৰে আবেলি দুয়োকে ধুবুৰী আদালতত হাজিৰ কৰোৱা হয় । ইপিনে আৰক্ষী বিষয়া গৰাকী বিভিন্ন ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিছে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে ।

লগতে পঢ়ক: গোলাঘাটত ড্ৰাগছ আসক্তৰ বিস্ফোৰক স্বীকাৰোক্তি

Last Updated : May 31, 2021, 6:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.