ধুবুৰী, 6 জানুৱাৰী : ৰাজ্যত 21ৰ নিৰ্বাচন ক্ৰমাৎ ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। বুধবাৰে ধৰ্মশালা মণ্ডল বিজেপিৰ সভাপতি আনন্দ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হয় বিজেপিৰ বুথ ভিত্তিক বিশাল ৰাজহুৱা সভা। সভাত জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালৰ লগতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক অশ্বিনী ৰায় সৰকাৰ আদি কৰি জিলা আৰু পঞ্চায়ত পৰ্য্যায়ৰ বহু কেইজন নেতা উপস্থিত থাকে। সভাত সহস্ৰাধিক লোকৰ উপস্থিতিত জিলা সভাপতি সান্যাল, বিধায়ক অশ্বিনী ৰায় আৰু সাংসদ তাছাই ভাষণ প্ৰদান কৰে।
নিজৰ ভাষণত বিধায়ক অশ্বিনী ৰয়ে কংগ্ৰেছ আৰু এআইইউডিএফক তীব্র ভাষাৰে সমালোচনা কৰাৰ সমান্তৰালকৈ সাংসদ কামাখ্যা প্ৰসাদ তাছাই নিজৰ ভাষণত ধুবুৰীৰ উন্নয়নত এআইইউডিএফে তলা মাৰি থৈছে বুলি সমালোচনা কৰে। লগতে সংসদৰ মজিয়াত সাংসদ আজমলে কেতিয়াও ধুবুৰীৰ উন্নয়নমূলক কামৰ বিষয়ে উপস্থাপন কৰা নাই বুলিও মন্তব্য প্ৰদান কৰে কামাখ্যা প্ৰসাদ তাছাই ।
ইপিনে সাংবাদিকৰ আগত পুনৰ ৰাজ্যত বিজেপিৰ চৰকাৰ গঠন হ'ব বুলি কৈ বিজেপিয়ে 100তকৈ অধিক আসন লাভ কৰাৰ লগতে ধুবুৰী জিলাৰ আটাইকেইটা আসন বিজেপিৰ দখললৈ আহিব বুলি মন্তব্য কৰে সাংসদ তাছাই ।
লগতে পঢ়ক: কৰ'ণা ভাইৰাছতকৈ অধিক ভয়ানক কংগ্ৰেছঃ অতুল বৰা