বিলাসীপাৰা, ২৭ মে': বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত এটা নিৰ্মীয়মান গড়কাপ্তানি পথৰ উপ পথে জ্বলাকলা খুৱাইছে প্ৰায় কুৰি খন গাঁৱৰ পথচাৰীক । বিলাসীপাৰা-সাপটগ্ৰাম পথৰ পৰা খেজুৰবাৰী লৈ নিৰ্মীয়মান পথটোৰ লাউপাৰাত নিৰ্মাণ হ'ব এখন পকী দলঙ । সেই মৰ্মে নিৰ্মাণকাৰী সংস্থা পুচ পাছ কন্সট্ৰাকচন কোম্পানীয়ে পূৰ্বৰ কাঠৰ দলঙ খন উঠাই দি তাত আৰম্ভ কৰিছ পকী দলঙৰ কাম । ২০১৮ চনৰ ২৫ জানুৱাৰীত আৰম্ভ কৰা দলঙ খন নিৰ্মাণত অতি লেহেমীয়া গতিত কাৰ্য চলাই যোৱাত বাৰিষাৰ সময়ত দুৰ্ভোগ ভুগি আহিব লগীয়া হৈছে অঞ্চলটোৰ প্ৰায় কুৰি খন গাঁৱৰ ৰাইজে ।
লগতে পুচ-পাছ কন্সট্ৰাকচন কোম্পানীৰ ঠিকাদাৰ হেমন্ত বৰাৰ বিৰুদ্ধে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে । অতি নিম্ন মানৰ সা-সামগ্ৰীৰে পথটোৰ নিৰ্মান কাৰ্য চলোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপন হোৱাৰ সমান্তৰালে ঠিকাদাৰ হেমন্ত বৰা বাহিনীয়ে পথটোৰ লাউপাৰাত পকী দলঙ খন নিৰ্মাণৰ বাবে দলঙ খনৰ কাষেৰে এটা উপপথ সাজি দিয়ে । কিন্তু এজাক বৰষুনৰ পানীত বুৰ যোৱা উপ পথটো বিগত তিনি দিন ধৰি হোৱা নেৰা নেপেৰা বৰষুনৰ ফলত সোণকোষ নৈৰ বাঢ়নি পানীয়ে উপ পথটোৰ একঁকাল ওপৰেৰে বাগৰিছে । যাৰ বাবে ৪৭৮. ১৩ লাখ টকা ব্যয় সাপেক্ষে PMGSY আঁচনিৰ অধীনত কাম চলি থকা লাউপাৰাৰ উপ পথটোত শীঘ্ৰে এখন বাঁহৰ দলঙ হলেও নিৰ্মাণ কৰি দি যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিবলৈ মুখ্যমন্ত্ৰী আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰীক দাবী জনাই একাংশ অঞ্চলবাসী ৰাইজে ।