ETV Bharat / state

কেইবাটাও দাবীত ধুবুৰীত এছ ইউ চি আইৰ প্ৰতিবাদ

ধুবুৰীত এছ ইউ চি আইৰ বিক্ষোভ প্ৰদৰ্শন ৷ মূল্যবৃদ্ধি,গৰাখহনীয়াকে ধৰি একাধিক সমস্যা সমাধানৰ দাবীত আজি ধুবুৰীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এছ ইউ চি আই দলে ।

কেইবাটাও দাবীত ধুবুৰীত এছ ইউ চি আইৰ প্ৰতিবাদ
কেইবাটাও দাবীত ধুবুৰীত এছ ইউ চি আইৰ প্ৰতিবাদ
author img

By

Published : Oct 19, 2020, 3:39 PM IST

ধুবুৰী, ১৯ অক্টোবৰ : ৰাজ্যত দিনক দিনে অস্বাভাৱিক হাৰত হৈ থকা অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাইজক । মূল্যবৃ্দ্ধি আৰু কৃষি আইনৰ বিৰোধিতাৰে সোমবাৰে ধুবুৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এছ ইউ চি আই দলে । ধুবুৰী চহৰৰ শংকৰদেৱ শিশু উদ্যানৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে দলটোৰ সদস্যসকলে ।

কেইবাটাও দাবীত ধুবুৰীত এছ ইউ চি আইৰ প্ৰতিবাদ
কেইবাটাও দাবীত ধুবুৰীত এছ ইউ চি আইৰ প্ৰতিবাদ

সমান্তৰালভাৱে দক্ষিণ শালমাৰা বিধানসভা সমষ্টিকে ধৰি ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত চলি থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে । হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ ৪ দফীয়া দাবীৰ ভিত্তিত বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে জিলা এছ ইউ চি আইয়ে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব পদত বহিব কোন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.