ETV Bharat / state

ধুবুৰীত সীমান্তবাসীৰ কাষত বি এছ এফ বাহিনী - ধুবুৰী ৬৭ নং বি এন বি এছ এফ

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা ৬৭ নং বি এন বি এছ এফৰ প্ৰশংসনীয় পদক্ষেপ । আন বছৰৰ দৰে এইবেলিও ৬৭ নং বি এন বি এছ এফৰ পাটামাৰী বিওপিত চিভিক একচন কাৰ্যসূচী ৰূপায়ন কৰা হয়। পাটামাৰী আৰু ভোগদহৰ গাঁও পঞ্চায়ত এলেকাৰ কেইবাখনো গাঁওৰ দৰিদ্ৰ পৰিয়ালক এই চিভিক একচন কাৰ্যসূচীৰ জৰিয়তে চিলাই মেচিন,স্প্ৰে মেচিন, হেণ্ড চেনিটাইজাৰ, মস্ক আৰু টিভি আদি বিতৰণ কৰা হয় ।

As_dhb_67-no-bnbsf-Civic-action-program _vis_as10041
ধুবুৰীত সীমান্তবাসীৰ কাষত বি এছ এফ বাহিনী
author img

By

Published : Jan 22, 2021, 9:28 PM IST

ধুবুৰী,22 জানুৱাৰী: ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা ৬৭ নং বি এন বি এছ এফৰ প্ৰশংসনীয় পদক্ষেপ । সীমান্ত সুৰক্ষাৰ দায়িত্ব পালনৰ উপৰিও পালন কৰি আহিছে সামাজিক দায়িত্বও ৬৭ নং বি এন বি এছ এফে । আন বছৰৰ দৰে এইবেলিও ৬৭ নং বি এন বি এছ এফৰ পাটামাৰী বিওপিত চিভিক একচন কাৰ্যসূচী ৰূপায়ন কৰা হয়। পাটামাৰী আৰু ভোগদহৰ গাঁও পঞ্চায়ত এলেকাৰ কেইবাখনো গাঁওৰ দৰিদ্ৰ পৰিয়ালক এই চিভিক একচন কাৰ্যসূচীৰ জৰিয়তে চিলাই মেচিন,স্প্ৰে মেচিন, হেণ্ড চেনিটাইজাৰ, মস্ক আৰু টিভি আদি বিতৰণ কৰা হয় । লগতে স্থানীয় পাটামাৰী এম ই স্কুলৰ বাবে ডেস্ক বেঞ্চ বিতৰণ কৰা হয়৷ এই কাৰ্যসূচীত উপস্থিত থাকে ৬৭ নং বি এন বি এছ এফৰ চেক্টৰ ডিআইজি জে চি নায়ক, পাটামাৰী পঞ্চায়তৰ সভাপতি ফকৰ উদ্দিন, ভোগদহৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সভানেত্ৰীৰ অভিভাৱক আতাউৰ ৰহমানৰ উপৰিও চেক্টৰ কমাণ্ডেণ্ট আৰু বি ও পিৰ কমাণ্ডেণ্ট বিষয়া সকল ৷

ধুবুৰীত সীমান্তবাসীৰ কাষত বি এছ এফ বাহিনী

উল্লেখ্য যে, ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ উক্ত অঞ্চলত যাতায়তৰ তেনে কোনো সু-ব্যৱস্থা নথকাৰ লগতে স্বাস্থ্য, শিক্ষাৰ ক্ষেত্ৰতো বহু পিছপৰা বুলি মন্তব্য কৰে বি এছ এফ ডি আই জি জে চি নায়কে । লগতে এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ সৈতে এক বৈঠকত মিলিত হৈ সীমান্তৰ এনে জ্বলন্ত সমস্যা সমাধান কৰাৰ প্ৰয়াস কৰিব বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে বি এছ এফৰ ডি আই জিয়ে । আনহাতে, সীমান্তবাসী ৰাইজৰ সৈতে মিলাপ্ৰীতিৰে থাকিলে সীমান্তৰ যিকোনো অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহজ হয় বুলিও মন্তব্য কৰে ডি আই জি জে চি নায়কে । সীমান্তৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়াৰ সময়তে সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা বি এছ এফে এইদৰে সামাজিক দায়িত্ব পালন কৰাত কিছু পৰিমানে স্বস্তিৰ নিশ্বাস লৈছে সীমান্তবাসীয়ে ৷

As_dhb_67-no-bnbsf-Civic-action-program _vis_as10041
ধুবুৰীত সীমান্তবাসীৰ কাষত বি এছ এফ বাহিনী

লগতে পঢ়ক-নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়-সূচী সলনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.