ধুবুৰী, 26 অক্টোবৰ: ধুবুৰীত পুৱা প্ৰায় 8:30 বজাৰ পৰা আৰম্ভ হয় প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া ৷ ধুবুৰীৰ ব্ৰহ্মপুত্ৰত ঘাটত ধুবুৰীবাসীয়ে বিসৰ্জন দিলে প্ৰতিমা ৷ সন্ধিয়া প্ৰায় 7 বজালৈ শান্তিপূৰ্ণভাৱেই বিসৰ্জন প্ৰক্তিয়া চলে যদিও, পৰৱৰ্তী সময়ত ক'ভিড প্ৰট'কল উফৰাই বিসৰ্জন ঘাটত ভিৰ কৰেহি ভক্তই ৷
উল্লেখ্য যে, ধুবুৰীত 73 খন দুৰ্গা পূজা অনুষ্ঠিত হোৱাৰ বিপৰীতে জিলা খনত মুঠ 296 খন দুৰ্গা পূজা অনুষ্ঠিত হয় ৷ কিন্তু প্ৰশাসনে নিৰ্দেশনা জাৰি কৰা স্বত্বেও ক'ভিড প্ৰট'কল ভাঙি কৰা ভক্তৰ ভিৰে চিন্তিত কৰি তুলিছে সচেতন লোকক ৷
লগতে পঢ়ক: তেজপুৰত ক'ভিড প্ৰট'কল উফৰাই বিসৰ্জনস্থলীত ভক্তৰ ভিৰ