ETV Bharat / state

এনআৰচিঃ দেশী ভূমিপুত্ৰসকলৰ নাম বাদ পৰাত ক্ষোভ দেশী জনগোষ্ঠীয় মঞ্চৰ - NRC final list

দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি শেখ হেদায়েতুল্লাই দেওবাৰে ধুবুৰীত অনুষ্ঠিত হোৱা এক কৰ্মশালাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এন আৰ চি প্ৰসংগত সন্তুষ্টি প্ৰকাশ কৰে ৷ কিন্তু বুজনসংখ্যক দেশী ভূমিপুত্ৰৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাত দুখ প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ।

নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা দেশী ভূমিপুত্ৰসকলৰ নাম বাদ পৰাত ক্ষোভ প্ৰকাশ দেশী জনগোষ্ঠীয় মঞ্চৰ
author img

By

Published : Sep 15, 2019, 10:41 PM IST

ধুবুৰী, 15 ছেপ্তেম্বৰঃ সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছতেই ৰাজ্যত অব্যাহত আছে ৰাজনৈতিক দল-সংগঠনৰ প্ৰতিক্ৰিয়া ৷ এনে সময়তে শণিবাৰে এন আৰ চি উন্নীতকৰণক লৈ দেশী জনগোষ্ঠীয় মঞ্চ অসমে সন্তুষ্টি প্ৰকাশ কৰে ৷ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি শেখ হেদায়েতুল্লাই ধুবুৰীত অনুষ্ঠিত হোৱা এক কৰ্মশালাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এন আৰ চি প্ৰসংগত সন্তুষ্টি প্ৰকাশ কৰে ৷ কিন্তু ত্ৰিশ হাজাৰ দেশী ভূমিপুত্ৰৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে সভাপতি গৰাকীয়ে । দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰী সাহিত্য ভৱনত দেশী ভাষাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হয় । অনুষ্ঠানত দেশী জনগোষ্ঠীয় মঞ্চৰ জিলা কমিটিৰ সভাপতি ফাতেজুল ইছলাম আৰু সাধাৰণ সম্পাদক তথা আহ্বায়ক এবাদুল্লা শ্বেখৰ উপৰিও দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি শ্বেখ হেদায়েতুল্লাহ আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি পাচু গোপাল চক্ৰৱৰ্তী, দেশী সাহিত্য সভা অসমৰ সভাপতি শিক্ষাবিদ আবুল হাছান শ্বেখ, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ আকবৰ আলী আহমেদৰ লগতে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট সাহিত্যিক কাছেমা খাতুনকে ধৰি কেইবাগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকে । মঞ্চৰ সভাপতি গৰাকীয়ে এই কৰ্মশালাক এক ঐতিহাসিক কৰ্মশালা বুলি দাবী কৰি অবিভক্ত ভাৰতবৰ্ষৰ কমতাপুৰৰ নামনি অঞ্চলত প্ৰথমে এই দেশী ভাষাৰ প্ৰচলন আছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

Intro:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাকলৈ সন্তুষ্টি প্রকাশ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ। যদিওঁ দেশী ভূমিপুত্ৰ সকলৰ নাম অন্তৰ্ভুক্ত নোহোৱাত দুখঃ প্ৰকাশ কৰাৰ বিপৰীতে সম্পূৰ্ণ বিৰোধীতা কৰিছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ।

Body:

বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতেই শাসক বিৰোধী বিভিন্ন ৰাজনৈতিক দলৰ লগতে একাংশ সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসন্তোষ্টি প্ৰকাশ কৰিছে। এনে সময়তে আজি এন আৰ চিক লৈ দেশী জনগোষ্ঠীয় মঞ্চ অসমে সন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে, দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সভাপতি শেখ হেদায়েতুল্লাই আজি ধুবুৰীত অনুষ্ঠিত হোৱা মঞ্চৰ এক কৰ্মশালাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এন আৰ চি প্ৰসংগত সন্তুষ্টি প্ৰকাশ কৰে যদিওঁ ত্ৰিশ হাজাৰ দেশী ভূমিপুত্ৰৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত নকৰাত দুখ প্ৰকাশ কৰে সভাপতি গৰাকীয়ে।

Byte:- ( 08 ) শেখ হেদায়েতুল্লাহ, সভাপতি।

আনহাতে কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰাৰ বাবে উঠি পৰি লগা সন্দৰ্ভদ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেশী জনগোষ্ঠীয় মঞ্চ অসমে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰে। লগতে এই বিধেয়ক গৃহীত হলে অসমীয়াৰ ভাষা সংস্কৃতিৰ অস্তিত্ব নোহোৱা হোৱাৰ বিপৰীতে বৃহত্তৰ অসমীয়া জাতিটোৰ প্ৰতি ভাবুকি আহিব বুলি উল্লেখ কৰে দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি গৰাকীয়ে।

Byte:- ( 09 ) শেখ হেদায়েতুল্লাহ, সভাপতি।

উল্লেখযোগ্য যে, দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰী সাহিত্য ভৱনত আজি দেশী ভাষাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হয়। কাৰ্য্যসূচী মতে, প্ৰথমতে পতাকা উত্তোলন কৰাৰ পিছত কৰ্মশালা অনুষ্ঠিত হয়। অনুষ্ঠানত দেশী জনগোষ্ঠীয় মঞ্চৰ জিলা কমিটিৰ সভাপতি ফাতেজুল ইছলাম আৰু সাধাৰণ সম্পাদক তথা আহ্বায়ক এবাদুল্লা শেখৰ উপৰি দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি শেখ হেদায়েতুল্লাহ আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি পাচু গোপাল চক্ৰৱৰ্তী, দেশী সাহিত্য সভা অসমৰ সভাপতি শিক্ষাবিদ আবুল হাছান শেখ, অৱসৰপ্ৰাপ্ত অধ্যাপক ডo আকাব্বাৰ আলী আহমেদৰ লগতে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট সাহিত্যিক কাছেমা খাতুনকে ধৰি কেইবাগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকে। মঞ্চৰ সভাপতি গৰাকীয়ে এই কৰ্মশালাক এক ঐতিহাসিক কৰ্মশালা বুলি দাবী কৰি অবিভক্ত ভাৰতবৰ্ষৰ কমতাপুৰৰ নামনি অঞ্চলত প্ৰথম এই দেশী ভাষাৰ প্ৰচলন আছিল বুলি উল্লেখ কৰে। এই ভাষাক লৈ বহুতেই টনা আজোৰা কৰি আছে যদিওঁ প্ৰকৃততে ই দেশী ভাষা আৰু ইয়াক জীয়াই ৰখাৰ বাবে এই কৰ্মশালা চলাই থকা বুলি উল্লেখ কৰে দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি শেখ হেদায়েতুল্লাই।

Byte:- ( 07 ) শেখ হেদায়েতুল্লাহ, সভাপতি।

Conclusion: উল্লেখযোগ্য যে, আজি দিনযোৰা কাৰ্য্যসূচীৰে দেশী ভাষাৰ কৰ্মশালাৰ অনুষ্ঠানত জিলা খনৰ বিভিন্ন আঞ্চলিক সমিতিৰ উপৰি বঙাইগাঁও জিলা সমিতিৰ প্ৰতিনিধিৰ লগতে বহু ৰাইজে অংশগ্ৰহণ কৰে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.