ETV Bharat / state

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ধুবুৰী জিলা প্ৰশাসন - press meet

কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ধুবুৰী জিলা প্ৰশাসন ৷ আজি পুৱা ৭ বজাৰ পৰা ধুবুৰীৰ ভোলানাথ কলেজত নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলক ইভিএম, ভিভিপেট মেচিনকে ধৰি ভোটগ্ৰহণৰ সকলো সামগ্ৰী বিতৰণ কৰা হ'ব ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ধুবুৰী জিলা প্ৰশাসন

author img

By

Published : Apr 5, 2021, 10:31 AM IST

ধুবুৰী,5 এপ্ৰিল: মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ৰাজ্যৰ 12 খনকৈ জিলাৰ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷ প্ৰতিখন জিলাৰ সমান্তৰালকৈ এতিয়া ধুবুৰী জিলা প্ৰশাসনো সাজু হৈ উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৷ নিৰ্বাচন সন্দৰ্ভত দেওবাৰে সন্ধিয়া জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত আজি পুৱা ৭ বজাৰ পৰা ধুবুৰীৰ ভোলানাথ কলেজত নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলক ইভিএম, ভিভিপেট মেচিনকে ধৰি ভোটগ্ৰহণৰ সকলো সামগ্ৰী বিতৰণ কৰা হ'ব বুলি উল্লেখ কৰে ৷ উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, পুৱা ৭ বজাৰ পৰা গোলকগঞ্জ সমষ্টি, ১০ বজাৰ পৰা ধুবুৰী সমষ্টি আৰু দুপৰীয়া ১২বজাৰ পৰা গৌৰীপুৰ সমষ্টিৰ ভোটগ্ৰহণৰ সামগ্ৰী বিতৰণ কৰা হ'ব ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ধুবুৰী জিলা প্ৰশাসন

ধুবুৰী জিলাৰ ২৭৭ টা, গৌৰীপুৰৰ ৩০৩ টা, গোলকগঞ্জৰ ২৯৬ টা ভোটগ্ৰহণ কেন্দ্ৰত এজন প্ৰিজাইডিং বিষয়া আৰু তিনিজন পোলিং বিষয়াক নিয়োগ কৰা হৈছে ৷ ভোটকেন্দ্ৰত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে জিলাখনলৈ অতিৰিক্ত ৩৬ টা কোম্পানীৰ নিৰাপত্তা বাহিনী মোতায়ন কৰা হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে ৷ ইয়াৰ লগতে জিলাখনত মুঠ ২৫ টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে ৷ ইয়াৰে ১৫ টা ধুবুৰী জিলাৰ আৰু ১০ টা গৌৰীপুৰৰ বুলি জানিব পৰা গৈছে ৷

ইফালে, তিনিটাকৈ আদৰ্শ ভোটকেন্দ্ৰ থাকিব ধুবুৰী জিলাত । প্ৰায় ছহেজাৰ বিষয়া-কৰ্মচাৰী নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটোত নিয়োজিত হৈ থাকিব ৷ বয়োজ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ভোটাৰসকলৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে সংবাদমেলত ।

অন্য এক খবৰৰ বাবে: পৰ্বতসম সম্পত্তিৰে চৰ্চাত বৰাকৰ ৰজা গৌতম ৰয়ৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.