ETV Bharat / state

ভয়াবহ বানৰ কৱলত দক্ষিণ শালমৰা-মানকাচাৰৰ দেৰ শতাধিক গাঁও

author img

By

Published : Jul 1, 2020, 9:50 PM IST

দক্ষিণ শালমাৰা আৰু মানকাচৰত এতিয়া ভয়াৱহ বানৰ তাণ্ডৱ । ১৫০ খনতকৈ অধিক গাওঁ হৈছে জলমগ্ন। এমুঠি অন্নৰ বাবে কৰিব লগা হৈছে হাহাকাৰ। চৰকাৰী বান সাহায্য বাবে এতিয়া খাববলগা হৈছে হাবু দাবু ।

danger level of flood at south salmora and mancachar
দক্ষিণ শালমৰা-মানকাচাৰৰ দেৰ শতাধিক গাঁও ভয়াবহ বানৰ কৱলত

ধুবুৰী,১জুলাই: যি সময়ত সমগ্ৰ দেশৰ লগতে অসমো মহামাৰী কৰণাক লৈ আতংকিত হৈ আছে সেই সময়তেই ভূতৰ ওপৰত দানৱ পৰাদি আহি পৰিছে ৰাজ্যৰ দ্বিতীয়টো বান । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে দক্ষিণ শালমাৰা আৰু মানকাচাৰতো ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীয়ে চলাইছে তাণ্ডৱ । ফলত বানৰ কৱলত পৰি অন্ন বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত কৰিব লগা হৈছে হাহাকাৰ ৷

বানৰ কৱলত দক্ষিণ শালমাৰা বিধান সভা সমষ্টিটোৰ ৯০ শতাংশ ভূমি জলমগ্ন হৈ পৰাৰ লগতে পথসমূহো এতিয়া পানীৰ তলত । ফলত বন্ধ হৈ পৰিছে যাতায়াতো । কেৱল নাৱৰ জৰিয়তে ভৰ বাৰিষাৰ পানীত বিপদসংকূল ভাৱে যাতায়ত কৰিব লগা হৈছে এইসকলে । বানৰ এনে ভয়ংকৰ তাণ্ডৱত জাহ গৈছে খাদ্যবস্তুকে ধৰি সকলো সামগ্ৰী। ফলত বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰীৰ সংকটেও দেখা দিয়া পৰিলক্ষিত হৈছে । বিশুদ্ধ খোৱা পানীৰ অভাৱ, শৌচাগাৰৰ অভাৱ তথা ঔষধৰ অভাবে এতিয়া চিন্তিত কৰি তুলিছে সকলোকে।

কিন্তু এই পৰ্যন্ত বানাক্ৰান্ত খবৰ লবলৈ আহৰি নাই কোনো এগৰাকী জনপ্ৰতিনিধিৰ । প্ৰকৃতিৰ এনে তাণ্ডৱৰ সময়ত বানাক্ৰান্তৰ কাষত নাই এজনো স্থানীয় সাংসদ তথা বিধায়ক । তাৰোপৰি এতিয়ালৈকে প্ৰশাসনৰো কোনো বিষয়াই বানপিড়িত অঞ্চল পৰিদৰ্শন কৰা পৰিলক্ষিত নহ'ল ।

এইসকল বানাক্ৰান্ত ৰাইজৰ চৰকাৰলৈ আহ্বান, শীঘ্ৰে বান সাহাৰ্য যোগানৰ লগতে সকলোৰে জীৱন আৰু সম্পত্তি উদ্ধাৰৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে যেন ।

লগতে পঢ়ক : লক ডাউন আৰু অনলাইন পাঠদান : এক পৰ্যালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.