ETV Bharat / state

নিৰ্বাচনী ধামখুমিয়াৰ মাজত এখন বিদ্যালয়ত উদযাপন জনগোষ্ঠীয় উৎসৱ - যুৱ সমাজক সৱলীকৰণ আৰু সামাজিক পৰিৱৰ্তনৰ বাবে লোক-সংস্কৃতি

নিৰ্বাচনী ধামখুমিয়াৰ মাজতে এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস ৷ বিদ্যালয়ত আয়োজন কৰিলে জনগোষ্ঠীয় উৎসৱ ৷ য’ত সকলো ছাত্ৰ-ছাত্ৰী লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা প্ৰধান শিক্ষক গৰাকীয়েও পৰিধান কৰি আহিল জাতীয় সাজপাৰ ৷

নিৰ্বাচনী ধামখমিয়াৰ মাজত এখন বিদ্যালয়ত উদযাপন জনগোষ্ঠীয় উৎসৱ

author img

By

Published : Mar 28, 2021, 3:10 PM IST

Updated : Mar 28, 2021, 7:24 PM IST

পূৱ বিলাসীপাৰা, 28মাৰ্চ: নিৰ্বাচনী ধামখুমিয়াৰ মাজত এতিয়া সকলোৱে ব্যস্ত ৷ তাৰ মাজতে এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰায়স । ধুবুৰী-কোকৰাঝাৰ সীমান্তৱৰ্তী তথা চাপৰৰ নিকটৱৰ্তী শিলগাৰা হাইস্কুলত 23, 24 আৰু 25 মাৰ্চত উদযাপন কৰা হয় জনগোষ্ঠীয় উৎসৱ ।

নিৰ্বাচনী ধামখমিয়াৰ মাজত এখন বিদ্যালয়ত উদযাপন জনগোষ্ঠীয় উৎসৱ

এই উৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা প্ৰধান শিক্ষক গৰাকীয়েও পৰিধান কৰি আহিল জাতীয় সাজপাৰ ৷ লগতে বিদ্যালয় খলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী সকলে নিজৰ নিজৰ জাতীয় সাজপাৰ পৰিধান কৰি প্ৰদৰ্শন কৰিলে নিজৰ নিজৰ জাতীয় নৃত্যও । এই উৎসৱলৈ অহা অতিথি সকলক আপ্যায়ন কৰা হয় জনগোষ্ঠীয় খাদ্যৰে ।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । এই আলোচনা চক্ৰৰ বিষয় আছিল "যুৱ সমাজক সৱলীকৰণ আৰু সামাজিক পৰিৱৰ্তনৰ বাবে লোক-সংস্কৃতি" । সমাজত চলি থকা বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰৱৰাহ আদিৰ ৰোধ সম্পৰ্কে আলোচনা কৰা হয় । য’ত ভাষণ প্ৰদান কৰে কোকৰাঝাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া জয়পাল ব্ৰহ্মৰ লগতে UNICEF ৰ বিষয়াসকলে ।

উক্ত অনুষ্ঠানটো শিলগাৰা হাইস্কুলৰ উদ্যোগত আৰু UNICEF আৰু সমগ্ৰ শিক্ষা কোকৰাঝাৰ সহযোগত অনুষ্ঠিত হয় । আছু, আক্ৰাছু, আবছু আদি ছাত্ৰ সংগঠনবোৰে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক: শিলাদিত্য দেৱক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ

Last Updated : Mar 28, 2021, 7:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.