ধুবুৰী,9 ফেব্ৰুৱাৰী: ধুবুৰী আৰক্ষীৰ জালত বহিঃৰাজ্যৰ ইৰাণী গ্ৰুপৰ সদস্য ৷ সোমবাৰে ধুবুৰী চহৰস্থিত চেন্ট্ৰেল বেংকৰ সন্মুখত এজন গ্ৰাহকৰ পৰা দুই লাখ টকাৰ এটা বেগ কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰোতেই স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আটক কৰে যুৱক জনক ৷ আৰক্ষীয়ে আটক কৰা যুৱকজন বিহাৰৰ আকাশ যাদৱ বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
![ধুবুৰী আৰক্ষীৰ জালত ইৰাণী গ্রুপৰ সদস্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-03-8feb-crime-arrest-one-as10041_08022021225645_0802f_1612805205_1079.jpg)
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা জিলাখনত ইৰাণী গ্ৰুপৰ সদস্যই এক ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি জেৰা আৰম্ভ কৰাৰ লগতে এই কাণ্ডৰ লগত এটি বৃহৎ চক্ৰ জড়িত থকাৰ কথা উল্লেখ কৰিলে ৷
লগতে পঢ়ক: সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীত জড়িত 5 জনক গ্ৰেপ্তাৰ