ETV Bharat / state

তিনিমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত একাংশ ক’ভিড যোদ্ধা

author img

By

Published : Oct 31, 2020, 2:03 PM IST

কৰ’ণা সংক্ৰমণৰ পাচত মে’ মাহত চৰকাৰে কৰ’ণাক্ৰান্ত ৰোগীসকলক চোৱাচিতাৰ লগতে স্বাৱ টেষ্টৰ নমুনা সংগ্ৰহ কৰাৰ ক্ষেত্ৰত অস্থায়ীভাৱে নিযুক্তি দিয়া এএনএম নাৰ্চ আৰু লেব’ৰেটৰী বিভাগৰ কিছু কৰ্মচাৰীয়ে বিগত তিনিমাহৰ পৰা লাভ কৰা নাই দৰমহা ৷ আতংকিত হৈ কেমেৰাৰ সন্মুখত আবেগিক হৈ পৰে এই সকল নাৰ্চে ।

Covid warrior tensed in Dhubri
তিনিমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত একাংশ ক’ভিড যোদ্ধা

ধুবুৰী,31 অক্টোবৰ : ধুবুৰীৰ একাংশ ক’ভিড যোদ্ধাৰ মাজত হাহাকাৰ পৰিস্থিতি । চাকৰি হেৰুৱাৰ ভয়ত শংকিত একাংশ এএনএম নাৰ্চৰ লগতে আন কৰ্মচাৰী ।

উল্লেখ্য যে,কৰ’ণা সংক্ৰমণৰ পাচত মে’ মাহত চৰকাৰে কৰ’ণাক্ৰান্ত ৰোগীসকলক চোৱাচিতাৰ লগতে স্বাৱ টেষ্টৰ নমুনা সংগ্ৰহ কৰাৰ ক্ষেত্ৰত অস্থায়ীভাৱে নিয়োগ কৰিছিল এএনএম নাৰ্চ আৰু লেব’ৰেটৰী বিভাগত কিছু কৰ্মচাৰীক ৷ চৰকাৰৰ নিৰ্দেশানুসাৰে ৰাজ্যৰ আন জিলাৰ লগতে ধুবুৰী জিলাতো এইসকল নাৰ্চ আৰু কৰ্মচাৰীক নিয়োগ কৰিছিল জিলা প্ৰশাসনে ।

কিন্তু 5 মাহ কাম কৰাৰ পাচত মাত্ৰ দুমাহৰ দৰমহা মোকোলাই দিয়া হৈছে যদিও বাকী তিনি মাহৰ দৰমহা আজিও লাভ কৰা নাই এই সকল ক’ভিড যোদ্ধাই । ফলত ক্ষোভিত হৈ পৰিছে ধুবুৰীৰ এইসকল নাৰ্চ আৰু কৰ্মচাৰী ৷

আনহাতে চাকৰিৰ সময়সীমা বৃদ্ধিৰ ক্ষেত্ৰতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই জিলা প্ৰশাসনে । অন্য চাকৰিৰ আশা এৰি বহু আশা লৈ স্বাস্থ্য বিভাগৰ অস্থায়ী চাকৰিত যোগদান কৰাৰ পিছত এতিয়া চাকৰি হেৰুৱাৰ ভয়ত চিন্তিত এইসকল নাৰ্চ আৰু কৰ্মচাৰী। জিলা প্ৰশাসনৰ ফালৰ পৰা এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই বাবে স্বাস্থ্য মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাক এই বিষয়টো স্পষ্ট কৰাৰ দাবী জনাইছে এওঁলোকে।

ইফালে এএনএমৰ প্ৰশিক্ষণপ্রাপ্ত এই সকল নাৰ্চে বহুদিনে নিযুক্তি লাভ কৰা নাই । শেহতীয়াকৈ অস্থায়ীভাৱে হ’লেও ক’ভিড মহামাৰীৰ সময়ত ক’ভিড যোদ্ধা হিচাপে নিয়োগ পত্ৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছিল এএনএম নাৰ্চসকল । কিন্তু এতিয়া চাকৰি হেৰুৱাৰ ভয়ত আতংকিত হৈ কেমেৰাৰ সন্মুখত আবেগিক হৈ পৰে এই সকল নাৰ্চে । চৰকাৰে জিএনএম নাৰ্চক নিযুক্তি দিছে যদিও এএনএম নাৰ্চক কিয় নিযুক্তি দিয়া নাই বুলি ক্ষোভ প্ৰকাশ কৰে নাৰ্চসকলে ৷

লগতে পঢ়ক : ৭৫,০০০ টকাত প্ৰতি কেজি নিলামেৰে অভিলেখ গঢ়িলে অসমৰ চাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.