ETV Bharat / state

ধুবুৰীতো আৰম্ভ হৈছে কৰ'ণা টীকাকৰণ

author img

By

Published : Jan 16, 2021, 4:48 PM IST

ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰী জিলাতো প্ৰতিষেধক দিয়া হ'ল স্বাস্থ্য কৰ্মীসকলক । প্ৰথম পৰ্যায়ত চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীসহ এশ গৰাকীক এই প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা হয় । ইপিনে প্ৰতিষেধক দিয়াৰ পিছত কমেও আধা ঘন্টা সময় নিৰীক্ষণ কক্ষত জিৰণি লোৱাৰ লগতে সামাজিক দূৰত্ব আৰু Covid-১৯ প্ৰটকল মানি চলিবলৈ আহ্বান জনায় চিকিৎসক আৰু নাৰ্চসকলে ।

ধুবুৰীতো আৰম্ভ হৈছে কৰ'ণা টীকাকৰণ
ধুবুৰীতো আৰম্ভ হৈছে কৰ'ণা টীকাকৰণ

ধুবুৰী,১৬ জানুৱাৰী: সমগ্ৰ দেশৰ বাবে শনিবাৰৰ দিনটো এটা ঐতিহাসিক দিন । কিয়নো শনিবাৰৰ পৰাই সমগ্ৰ দেশতে আৰম্ভ হৈছে Covid-১৯ ৰ টীকাকৰণ প্ৰক্ৰিয়া । বিগত প্ৰায় এটা বছৰ ধৰি মহামাৰী Covid-১৯ ৰ সংহাৰত তচ-নচ হৈ পৰিছিল বিশ্ব তথা সমগ্ৰ দেশ । কিন্তু আজি টীকাকৰণ হোৱাৰ পিছতেই স্বস্তিৰ নিঃশ্বাস পেলাইছে দেশবাসীয়ে । ইতিমধ্য়ে প্ৰতিখন ৰাজ্যতে আৰম্ভ হৈছে এই টীকাকৰণ প্ৰক্ৰিয়া । ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ বিভিন্ন চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত আৰম্ভ হৈছে Covid-১৯ ৰ টীকাকৰণ প্ৰক্ৰিয়া ।

ধুবুৰীত কৰ'ণা টীকাকৰণ
ধুবুৰীত কৰ'ণা টীকাকৰণ

ধুবুৰী অসামৰিক চিকিৎসালয়ত আজি প্ৰথম পৰ্যায়ত চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীসহ এশ গৰাকীক এই প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা হয় । ইপিনে প্ৰতিষেধক দিয়াৰ পিছত কমেও আধা ঘন্টা সময় নিৰীক্ষণ কক্ষত জিৰণি লোৱাৰ লগতে সামাজিক দূৰত্ব আৰু Covid-১৯ প্ৰটকল মানি চলিবলৈ আহ্বান জনায় চিকিৎসক আৰু নাৰ্চসকলে । আনহাতে সাধাৰণ ৰাইজৰ মাজত যাতে এই প্ৰতিষেধকৰ উৰা বাতৰি বিয়পি নপৰে তাৰ বাবেও আহ্বান জনাইছে চিকিৎসকসকলে ৷

ধুবুৰীত কৰ'ণা টীকাকৰণ
ধুবুৰীত কৰ'ণা টীকাকৰণ

উল্লেখ্য যে, প্ৰথম পৰ্যায়ত ধুবুৰী অসামৰিক চিকিৎসালয়ৰ এশ গৰাকী চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য কৰ্মীক এই প্ৰতিষেধক দিয়া হ'ব যদিও পৰৱৰ্তী সময়ত বাকী স্বাস্থ্য কৰ্মী আৰু পর্যায়ক্ৰমে সাধাৰণ ৰাইজৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিব।

লগতে পঢ়ক: ৰাজ্যত ১,১৯৯ ভি আই পিৰ নিৰাপত্তাত নিয়োজিত ৪,০৬৪ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.