পূৱ বিলাসীপাৰা, 12 জুলাইঃ পূৱ বিলাসীপাৰাৰ চাপৰত দেওবাৰে সন্ধিয়া পুনৰ তিনিজন লোকৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ লোক কেইজনৰ নাম ক্ৰমে গোবিন্দ সূত্ৰধৰ, চিৰোলা মুণ্ডা আৰু ছানোৱাৰ হুছেইন ।
গোবিন্দ সূত্ৰধৰ আৰু চিৰোলা মুণ্ডা ৰঙামাটি কোৱাৰেন্টাইন চেন্টাৰত থকাৰ বিপৰীতে ছানোৱাৰ হুছেইন সম্প্ৰতি ছাগলীয়া কোৱাৰেন্টাইন চেন্টাৰত আছিল ৷
উল্লেখ্য যে, বৰ্তমান কৰ’ণা আক্ৰান্তৰ ক্ষেত্ৰত কামৰূপ মহানগৰৰ পাচতেই দ্বিতীয় স্থানত আছে ধুবুৰী ৷ বৰ্তমানলৈ জিলাখনত আক্ৰান্তৰ সংখ্যা হৈছে 490 গৰাকী ৷
ইপিনে অসমত আক্ৰান্ত হৈছে মুঠ 16071 গৰাকী লোক ৷ মুঠ মৃতকৰ সংখ্যা 37 গৰাকীলৈ বৃদ্ধি হৈছে ৷