ETV Bharat / state

ধুবুৰীত ভেকচিন প্ৰদান কেন্দ্ৰত উত্তেজনা - covid protocol

মহামাৰীৰ পৰা ৰক্ষা পাবলৈ ভেকচিন ল’বলৈ গৈ ধুবুৰীত ক’ভিডৰ নীতি-নিয়ম একাংশৰ ৷ ভেকচিন ল’বলৈ ধুবুৰী চহৰত ৰাতিপুৰা ৪-৫ বজাৰ পৰা শাৰী পাতিছে ৰাইজে ৷

covid prptocol stands no where in vaccination center
ধুবুৰীত ভেকচিন প্ৰদান কেন্দ্ৰত উত্তেজনা
author img

By

Published : May 9, 2021, 10:26 PM IST

ধুবুৰী,9 মে’ : নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰত ক’ভিড ভেকচিনৰ বাবে ৰাইজৰ মাজত তীব্ৰ উত্তেজনা । সম্প্ৰতি গোটেই বিশ্বজুৰি কৰোণা মহামাৰীয়ে এক হাহাকাৰৰ সৃষ্টি কৰিছে । ৰাইজৰ মাজত কৰ’ণাৰ আতংকৰ সৃষ্টি হৈছে । মহামাৰীৰ পৰা ৰক্ষা পাবলৈ ভেকচিন ল’বলৈ ধুবুৰী চহৰত ৰাতিপুৰা ৪-৫ বজাৰ পৰা শাৰী পাতি থকা পৰিলক্ষিত হৈছে ।

দেওবাৰে, ধুবুৰী নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰত বহু পুৰুষ মহিলা ৰাতিপুৱা ৪ বজাৰ পৰা শাৰীত থিয় হৈ থকা বুলি জানিব পৰা গৈছে ৷ এই কেন্দ্ৰটোত অফলাইন আৰু অনলাইন দুয়োধৰণৰ আবেদনকাৰীৰে ভেকচিন দিয়া হয় । একাংশই অভিযোগ উত্থাপন কৰিছে যে অনলাইন আবেদন কৰা সকলক আগতীয়াকৈ ভেকচিন দি আছে আৰু অফ লাইন সকলক পলমকৈ ভেকচিন দিয়া হৈছে । ফলত পুৱাৰে পৰা থিয় হৈ থকা একাংশই ভেকচিন ল’বলৈ সক্ষম হোৱা নাই ।

ধুবুৰীত ভেকচিন প্ৰদান কেন্দ্ৰত উত্তেজনা

ইয়াকে লৈ ৰাইজৰ মাজত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় । পিছত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও, ভেকচিন ল’বলৈ অহা লোক সকলৰ মাজত নাছিল কোনোধৰণৰ সামাজিক দূৰত্ব । জানিব পৰা মতে, স্বাস্থ্য কেন্দ্ৰটোত দিনে মাত্ৰ ১০০ টা ভেকচিন হে প্ৰদান কৰা হয় ৷ ইফালে, এশগৰাকীৰ পিছত বাকীসকল শাৰীত থিয় হৈও ভেকচিন নোলোৱাকৈ ঘৰলৈ উভতি যাব লগা হয় বুলিও একাংশই ক্ষোভ প্ৰকাশ কৰে ।
লগতে পঢ়ক : জুইত জাহ গ’ল তেজপুৰৰ চ’ক বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.