পশ্চিম বিলাসীপাৰা,27 এপ্ৰিল: ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ ধুবুৰী জিলাৰ বিলাসীপাৰাতো প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা ৷ সোমবাৰে স্বাস্থ্য কৰ্মীসহ 11 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি ৷
ৰেপিড এণ্টিজেন টেষ্টৰ অন্তত লোককেইজনৰ দেহত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি । সম্প্ৰতি বিলাসীপাৰা মহকুমাত মুঠ আক্ৰান্তৰ সংখ্যা 36 গৰাকীলৈ বৃদ্ধি হয় । এই কথা সদৰী কৰে মহকুমা স্বাস্থ্য বিভাগে ৷
লগতে পঢ়ক : চুমিলা ৰংহাংপীৰ হত্যা: হোজাইত উত্তাল প্ৰতিবাদ