ETV Bharat / state

ধুবুৰীত ১০৩ জনলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

শুকুৰবাৰে ধুবুৰী জিলাত নতুনকৈ 19 জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিতি ৷ কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা ঘটনাত চিন্তিত হৈ পৰিছে সচেতন মহল । বৰ্তমানলৈ জিলাখনত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১০৩ জনলৈ বৃদ্ধি পাইছে ।

author img

By

Published : Apr 23, 2021, 10:14 PM IST

covid-patient-rises-to-103-in-dhuburi
ধুবুৰীত ১০৩ জনলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

ধুবুৰী, 23 এপ্ৰিল : নামনি অসমৰ ধুবুৰী জিলাত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা । প্ৰতিদিনে দুগুণ হাৰত কৰ’ণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত ৰাইজৰ মাজত এক প্ৰকাৰ আতংকই বিৰাজ কৰিছে । শুকুৰবাৰৰ দিনটোত জিলাখনত নতুনকৈ 19 জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিতি ৷ জিলা স্বাস্থ্য বিভাগে সদৰী কৰে এই তথ্য ।

বাতৰি লিখা পাৰলৈকে জিলাখনত শতকৰ ঘৰ অতিক্ৰম কৰি মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১০৩ জনলৈ বৃদ্ধি পায় । আন আন জিলাৰ সমান্তৰালকৈ ধুবুৰী জিলাত কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা ঘটনাত চিন্তিত হৈ পৰিছে সচেতন মহল ।

উল্লেখ্য যে, কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ১০৩ গৰাকী হলেও চিকিৎসাধীন অৱস্থাত আছে 96 গৰাকী । চিকিৎসাধীন অৱস্থাত থকা ৰোগীৰ সংখ্যা শতকৰ ঘৰ স্পৰ্শ কৰিলেই জিলাখনত বলবৎ হ‘ব নতুন SOP ৷

লগতে পঢ়ক : উপযুক্ত চিকিৎসাৰ অভাৱত কলকাতাত মৃত্যু ক'ভিড আক্ৰান্ত মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.