ETV Bharat / state

ধুবুৰীত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৯০৪ জনলৈ বৃদ্ধি - ধুবুৰীত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ

ধুবুৰীত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । জিলাখনত এতিয়ালৈকে মুঠ ৯০৪ জন লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে । এটা দিনতে ৮১ জন লোক আক্ৰান্ত হৈছে মহামাৰীত ।

Dhubri Covid
ধুবুৰীত কৰ'ণাত ক্ৰান্ত ৰোগীৰ সংখ্যা ৯০৪ জনলৈ বৃদ্ধি
author img

By

Published : May 8, 2021, 5:50 PM IST

ধুবুৰী, ৮ মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ চৌদিশ এতিয়া মহামাৰী কৰ'ণাৰ গ্ৰাসত । প্ৰতিদিনে সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ লগতে হাজাৰ হাজাৰ লোকে অকালতে প্ৰাণ হেৰুৱাইছে । বিশ্বজুৰি মহামাৰী কৰ'ণাই সংহাৰী ৰূপ ধাৰণ কৰিছে । ৰাজ্যতো নিতৌ শ শ লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে । ৰাজ্যৰ আন আন জিলাসমূহৰ সমান্তৰালকৈ ধুবুৰী জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

শুকুৰবাৰৰ দিনটোত জিলাখনত ৮১ জন লোক মহামাৰীত আক্ৰান্ত হয় । ইয়াৰ লগে লগে জিলাখনত এতিয়ালৈকে মুঠ ৯০৪ জনলৈ বৃদ্ধি পায় ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । আনহাতে, বৰ্তমান মহামাৰীত আক্ৰান্ত লোকসকলৰ ভিতৰত ১৮৮ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৯ জনকৈ ৰোগীয়ে মৃত্যুক আঁকোৱালি লয় ।

ইফালে, বৰ্তমানলৈকে জিলাখনত মুঠ ৭০৭ টা ঘটনা সক্ৰিয় হৈ আছে । লক্ষণীয় বিষয় যে, জিলাখনত দিনক দিনে দুগুণ হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ ফলত ৰাইজৰ মাজত আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে । কিন্তু ইয়াৰে একাংশ অসচেতন ৰাইজে ক'ভিড বিধি অমান্য কৰি ঘূৰি ফুৰা বিষয়টোৱে এক ভয়াৱহতাৰ ইংগিত প্ৰদান কৰিছে । জিলা প্ৰশাসনে বিভিন্ন সময়ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও একাংশ ৰাইজৰ মাজত এতিয়াও সৃষ্টি হোৱা নাই ক'ভিড সজাগতাৰ ।

লগতে পঢ়ক: বৰপেটাত এটা দিনতে ১৮৫ জন লোক ক'ভিডত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.