পশ্চিম বিলাসীপাৰা,19 এপ্ৰিল : ক’ৰণাৰ দ্বিতীয় ঢৌৱে পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে ৷ ইয়াৰ সমান্তৰালকৈ দেওবাৰে বিলাসীপাৰাতো এগৰাকীৰ দেহত ধৰা পৰিছে ক’ৰণাৰ অৱস্থিতি ৷ ইতিমধ্যে বিলাসীপাৰাত 10 গৰাকীলৈ বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্তৰ সংখ্যা ৷
ক’ৰণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অন্য প্ৰান্তৰ লেখীয়াকৈ বিলাসীপাৰাতো অধিক সাৱধানতা অৱলম্বন কৰিবলৈ সকলো ৰাইজক আহ্বান জনাইছে বিলাসীপাৰা আৰক্ষীয়ে ৷ সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মুখত মাস্ক পৰিধান কৰিবলৈ নিশাৰ ভাগত অনুভাষ যন্ত্ৰযোগে ৰাইজক সতৰ্ক কৰি দিয়ে আৰক্ষীয়ে ৷ মাস্ক পৰিধান কৰক অন্যথা 1,000 টকা জৰিমনা বিহা হ’ব । ক’ৰণা বিধি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিলাসীপাৰা আৰক্ষী প্ৰশাসন ।
লগতে পঢ়ক : শুকাইছে চিয়াং লালীৰ বুকু : উদ্বিগ্ন নৈপৰীয়া