বিলাসীপাৰা,21 জানুৱাৰী : বৃহস্পতিবাৰে বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয়ত দিনৰ প্ৰায় 11 বজাৰ পৰা প্ৰথম পৰ্যায়ৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷ মহকুমা পৰ্যায়ত আজি আৰম্ভ হোৱা কোভিড-১৯ ৰ ভেকচিন প্ৰথমে গ্ৰহন কৰে বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মুৰ্তজা জামানে ৷
প্ৰাপ্ত তথ্য অনুসৰি,আজি ১০৫ গৰাকী চিকিৎসক তথা স্বাস্থ্য কৰ্মীক এই ভেকচিন প্ৰদান কৰা হ'ব ৷ এই ভেকচিনে বিলাসীপাৰাকে ধৰি দাঁতি কাষৰীয়া অঞ্চল সমূহলৈ আনিছে এক আশাৰ বতৰা ৷
লগতে পঢ়ক : তেজপুৰ বায়ুসেনাৰ ঘাটি শত্ৰু পক্ষক প্ৰতিৰোধ কৰিবলৈ সদা প্ৰস্তুত