ETV Bharat / state

Covid 19: ধুবুৰীত এদিনত আক্ৰান্ত সৰ্বাধিক ৬৬ গৰাকী

ধুবুৰীত ক্ৰমাৎ বৃদ্ধি কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ জিলাখনত বুধবাৰৰ দিনটোত সৰ্বাধিক ৬৬ গৰাকী লোক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৷

Covid 19 positive cases rises maximum 66 at dhubri in a single day
Covid 19
author img

By

Published : Jun 3, 2020, 7:44 PM IST

ধুবুৰী, 3 জুন: ৰাজ্যৰ অন্য জিলাৰ লগতে ধুবুৰী জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা । বুধবাৰে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত 38 গৰাকী লোক Covid 19ত আক্ৰান্ত হোৱা বুলি টুইটাৰত সদৰী কৰিছিল । তাৰপিছত পুনৰ জিলাখনত 28 জন লোক ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ কথা টুইটাৰযোগে সদৰী কৰে মন্ত্ৰী শৰ্মাই ৷ ইতিমধ্যে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা আটাইকেইজন আক্ৰান্তক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

বৃদ্ধি কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

উল্লেখ্য যে,জিলাখনত বুধবাৰৰ দিনটোত সৰ্বাধিক 66 গৰাকী লোক আক্ৰান্ত হোৱাৰ ঘটনাই একপ্ৰকাৰৰ আতংকৰ সৃষ্টি কৰিছে ৷ বৰ্তমান ধুবুৰীত আক্ৰান্তৰ সংখ্যা হৈছে 123 গৰাকী ৷ ইয়াৰে 5 গৰাকী লোক পূৰ্বে সুস্থ হৈ ঘৰলৈ উভটিছে ৷ আনহাতে,90 জন ৰোগী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৷

তদুপৰি,আক্ৰান্ত হোৱা লোকসকলৰ বেছি সংখ্যককে হোম কোৱাৰেণ্টাইনত ৰখা হৈছিল ৷ কিন্তু এইসকল ব্যক্তি কোৱাৰেণ্টাইনত থকাৰ পিছতো পৰিয়ালৰ সদস্যৰ উপৰিও আন লোকৰ সংস্পৰ্শলৈ অহা দেখা যায়। যাৰ ফলত Covid 19ত আক্ৰান্ত অঞ্চলসমূহত আতংক বিৰাজ কৰা দেখা গৈছে ৷

লগতে চাওকঃ পদপথৰ জীৱ-জন্তুক খাদ্য যোগান ধৰা মহিলালৈ ৰাষ্ট্রীয় বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.