ETV Bharat / state

ধুবুৰীত নিৰ্বাচনী সভাত ভংগ ক'ভিড প্ৰট'কল

author img

By

Published : Mar 24, 2021, 4:52 PM IST

যিটো সময়ত নিৰ্বাচনী আয়োগে সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰিছিল, সেই সময়তে যেন সকলো ধোঁৱাচাঙত উঠিছে ৷ কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিয়ম একাষৰীয়া কৰি সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত কৰি গৈছে প্ৰচাৰ সভা ৷ আন আন সমষ্টিৰ দৰে ধুবুৰীৰ বিভিন্ন নিৰ্বাচনী সভাতো দেখা গৈছে এক ভয়াৱহ পৰিস্থিতি । সম্পূৰ্ণ ক'ভিড প্ৰট'কল ভংগ কৰি শাসক-বিৰোধী উভয়ে অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা ৷

ধুবুৰীত নিৰ্বাচনী সভাত ভংগ ক'ভিড প্ৰট'কল
ধুবুৰীত নিৰ্বাচনী সভাত ভংগ ক'ভিড প্ৰট'কল

ধুবুৰী,24 মাৰ্চ: ৰাজ্যত নতুনকৈ মহামাৰী কৰ'ণাৰ ভয়াৱহতা দেখা দিয়াৰ সময়তে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ সমষ্টিয়ে সমষ্টিয়ে ষ্টাৰ কেম্পেইনাৰৰ ৰূপত ৰাষ্ট্ৰীয় নেতাৰ ভিৰ হৈছে অসমত ৷ যিটো সময়ত নিৰ্বাচনী আয়োগে সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰিছিল, সেই সময়তে যেন সকলো ধোঁৱাচাঙত উঠিছে ৷ কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিয়ম একাষৰীয়া কৰি সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত কৰি গৈছে প্ৰচাৰ সভা ৷ আন আন সমষ্টিৰ দৰে ধুবুৰীৰ বিভিন্ন নিৰ্বাচনী সভাতো দেখা গৈছে এক ভয়াৱহ পৰিস্থিতি । সম্পূৰ্ণ ক'ভিড প্ৰট'কল ভংগ কৰি শাসক-বিৰোধী উভয়ে অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা ৷

কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি ধুবুৰী জিলাত জাৰি কৰা হৈছিল কিছু নিষেধাজ্ঞা । মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে যদিও সকলো নিৰ্দেশনা অমান্য কৰি বুধবাৰে অনুষ্ঠিত হয় বিজেপিৰ নিৰ্বাচনী সভা ৷ বিজেপিৰ কেন্দ্ৰীয় ষ্টাৰ কেম্পেইনাৰসহ জিলা তথা ৰাজ্যিক পৰ্যায়ৰ বহু কেইজন নেতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত কোনো এজনৰ মুখত দেখা নগ'ল মাস্ক ।

জিলা প্ৰশাসনৰ সকলো নীতি-নিয়ম ভংগ কৰি অনুষ্ঠিত কৰা এই সভাখন আচলতে ধুবুৰীৰ বিজেপিৰ প্ৰাৰ্থী ডাঃ দেৱময় সান্যালৰ নিৰ্বাচনী প্ৰচাৰ সভা আছিল ৷ এগৰাকী চিকিৎসক প্ৰাৰ্থীৰ নিৰ্বাচনী সভাৰ এনে ভয়াৱহতা নিশ্চিতভাৱে চিন্তনীয় বিষয় হৈ পৰিছে ৷ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: ধুবুৰীত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সহ সহস্ৰাধিকৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.