ETV Bharat / state

কিমান সুৰক্ষিত গ্ৰাহক সেৱা কেন্দ্ৰত জমা ৰখা ধন ? - বিত্তীয় লেন

চহী অথবা আঙুলিৰ চাপ জাল কৰি গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বধিকাৰীৰ বিৰুদ্ধে ৷ ধুবুৰী জিলাৰ চাপৰ অঞ্চলতো একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ লোকে গ্ৰাহকৰ অজ্ঞাতে ধন উলিওৱাৰ অভিযোগ উত্থাপন হৈছে ৷

corruption on money withdrawal from csp in dhubri

author img

By

Published : May 31, 2020, 1:21 PM IST

ধুবুৰী, 31 মে': গ্ৰাহক সেৱা কেন্দ্ৰত ধন জমা ৰখা সকল সাৱধান ! কিয়নো ধুবুৰী জিলাৰ চাপৰ অঞ্চলৰ একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ লোকে গ্ৰাহকৰ অজ্ঞাতে উলিয়াইছে ধন ৷ চহী অথবা আঙুলিৰ চাপ জাল কৰি গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ৷ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে চাপৰৰ শালকোচাত ৷

গ্ৰাহক সেৱা কেন্দ্ৰত ধন জমা ৰখা সকল সাৱধান !

উল্লেখ্য যে, গ্ৰামাঞ্চলৰ দুখীয়া ৰাইজৰ বিত্তীয় লেনদেনৰ সুবিধাৰ্থে বেংক সমূহে গঠন কৰি দিছে একো একোটা গ্ৰাহক সেৱা কেন্দ্ৰ ৷ কিন্তু গ্ৰাহকৰ সুবিধাৰ পৰিৱৰ্তে একাংশ কেন্দ্ৰই গ্ৰাহকৰ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ভাৰতীয় ষ্টেট বেংকৰ শালকোচা শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহকৰ ধন সুৰক্ষিত নহয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে একাংশ গ্ৰাহকে ৷

শালকোচাৰ মালতী বৰ্মন নামৰ এগৰাকী দৰিদ্ৰ মহিলাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ একাউন্টত বহিঃৰাজ্যত কৰ্মৰত স্বামীয়ে চলিত মাহৰ 11 তাৰিখে 8 হাজাৰ টকা পঠিয়াইছিল ৷ সেই মৰ্মে তেওঁ নিজৰ প্ৰয়োজনত ধন সংগ্ৰহৰ বাবে আহিছিল ঠিকেই কিন্তু, একাউণ্টৰ পৰা হৰলুকি হ'ল টকা ৷ পৰৱৰ্তী সময়ত হুৱাদুৱা লগাত গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী প্ৰীতম নন্দীয়ে নিশ্চিত বিপদৰ উমান পাই, পুনৰ একাউন্টত সেই ধনৰাশি 20 তাৰিখে সুমুৱাই দিয়ে বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে ৷

কিমান সুৰক্ষিত গ্ৰাহক সেৱা কেন্দ্ৰত জমা ৰখা ধন ?

পৰৱৰ্তী সময়ত ভক্তভোগী মহিলা গৰাকীয়ে ভাৰতীয় ষ্টেট বেংকৰ শালকোচা শাখাত ষ্টেটমেন্ট সংগ্ৰহ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ স্বত্বাধিকাৰী প্ৰীতম নন্দীয়ে নিজ ইচ্ছানুযায়ী কৰে লেনদেন ৷ এই অভিযোগ উত্থাপন কৰে ভুক্তভোগী মহিলা গৰাকীয়ে ৷ অভিযোগ অনুসৰি স্বত্বাধিকাৰী প্ৰীতম নন্দী বহু দিনৰ পৰাই জড়িত হৈ আছে এনে বিত্তীয় কেলেংকাৰীত ৷ গ্ৰামাঞ্চলৰ অশিক্ষিত লোকৰ আঙুলিৰ চাপ স‌ংগ্ৰহ কৰি গ্ৰাহকৰ অজ্ঞাতে, একাউণ্টৰ পৰা উলিয়ায় গ্ৰাহকৰ কষ্টোপাৰ্জিত ধন ৷

লগতে পঢ়কঃ বিতৰ্কৰ পাছৰে পৰা সন্ধানহীন "টাইকা" বাৰৰ স্বত্বাধিকাৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.