ধুবুৰী , 27 মাৰ্চ : ধুবুৰীৰ এখন চৰকাৰী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। বছৰ বছৰে ডেস্ক বেঞ্চ নোহোৱাকৈ চলিছে এখন চৰকাৰী বিদ্যালয়। বিদ্যালয়ত চলি থকা দুৰ্নীতি আৰু ছাত্ৰ ছাত্ৰী বহিবলৈ ডেস্ক বেঞ্চ নথকাৰ ফলত ক্ষোভিত অভিভাৱক ৰাইজ। বিদ্যালয়খনত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।
বুধবাৰে ধুবুৰীৰ এখন চৰকাৰী বিদ্যালয়ত হঠাৎ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । দীৰ্ঘদিন ধৰি ডেস্ক বেঞ্চ নোহোৱাকৈ চলিছে আহিছে চৰকাৰী বিদ্যালয়খনৰ পাঠদান । বিদ্যালয়ত চলি থকা দুৰ্নীতি আৰু ছাত্ৰ ছাত্ৰী বহিবলৈ ডেস্ক বেঞ্চ নথকাৰ ফলত ক্ষোভিত হৈ পৰে অভিভাৱক আৰু স্থানীয় ৰাইজ। দৰাচলতে ধুবুৰীৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অধীনস্থ 43 নং সাহেবগঞ্জ এল পি স্কুলৰ প্ৰধান শিক্ষক ৰায় বাহাদুৰ পাণ্ডে একনায়কত্ববাদ চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে। ডেক্স বেঞ্চৰ অভাৱত ৰেকত বহি লিখা পঢ়া কৰিব লগীয়া হয় ছাত্ৰ-ছাত্ৰীয়ে ।
আনহাতে কেইবামাহ ধৰি বিদ্যালয়খনত বন্ধ হৈ আছে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা । কেইবামাহ ধৰি ওলমি আছে মাধ্যাহ্ন ভোজনৰ ষ্টোৰ ৰূমত । বিদ্যালয় খনৰ এটা অতিৰিক্ত শ্ৰেণী কোঠা দীৰ্ঘ দিনে অৰ্ধনিৰ্মিত হৈ থকাৰ ফলত বিভাগীয় কৰ্তৃপক্ষই দৰমহাও বন্ধ কৰি দিছিল প্ৰধান শিক্ষকৰ । ইয়াৰ পাচতো গা-লৰা নাই প্ৰধান শিক্ষক গৰাকীৰ । যাৰ ফলত বুধবাৰে একাংশ অভিভাৱক ৰাইজে বিদ্যালয়ত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । স্থানীয় আৰক্ষী বিদ্যালয়খনত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
ইয়াৰোপৰি ৰান্ধনীৰ চাকৰি দিয়াৰ নামত অবৈধ ভাৱে 30 হাজাৰ টকা উৎকোচ লৈ প্ৰতাৰণা কৰাৰো অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষক পাণ্ডেৰ বিৰুদ্ধে। একাংশ অভিভাৱকে নিজৰ সন্তানক বিদ্যালয়ত নাম ভৰ্তি কৰোৱাৰ ক্ষেত্ৰত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈ অহাৰ অভিযোগ উত্থাপন হৈছে। নামভৰ্তি নকৰি বিভিন্ন অজুহাত দেখুৱাই ৰাইজক হাৰাশাস্তি কৰি আহিছে বুলি প্ৰধান শিক্ষক পাণ্ডেৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।
উল্লেখযোগ্য যে, পূৰ্বে এইগৰাকী দুৰ্নীতি পৰায়ন শিক্ষকৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পাচতো বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰি ৰহস্যজনক ভূমিকা অৱলম্বন কৰি অহাৰো অভিযোগ উঠিছে ।