ETV Bharat / state

ৰে'লপথে জ্বলা-কলা খোৱাইছে ধুবুৰীবাসীক! - ধুবুৰী

ৰে'লপথ নিৰ্মান কৰাৰ পাচত কালভাৰ্ট বনাই সুৰংগ পথ নিৰ্মাণ কৰি দিয়ে ৰেল বিভাগে ৷ ৰাইজৰ অভিযোগ অনুসৰি সুৰংগ পথেৰে যাতায়তৰ নামত নৰক যন্ত্ৰণা ভুগিছে তেওঁলোকে ৷

ৰে'লপথ নিৰ্মাণ কৰাৰ বাবে সমস্যাত ৰাইজ!
author img

By

Published : May 5, 2019, 11:08 AM IST

ধুবুৰী, 05 মে': পূৰ্ণ গতিত চলিছে গৌৰীপুৰৰ পৰা অভয়াপুৰীলৈ ৰে'লপথ নিৰ্মাণৰ কাম ৷ ইতিমধ্যে ধুবুৰীৰ গৌৰীপুৰৰ পৰা বিলাসীপাৰা লৈকে নিৰ্মাণকাৰ্য্য সম্পন্ন হৈছে ৷ কিন্তু এই ৰে'লপথ নিৰ্মাণৰ বাবে জ্বলাকলা খাবলগীয়া হৈছে গৌৰীপুৰ সমষ্টিৰ কেইবাখনো গাঁৱৰ ৰাইজে ৷

ৰে'লপথ নিৰ্মাণ কৰাৰ বাবে সমস্যাত ৰাইজ!

ধুবুৰীৰ গৌৰীপুৰৰ পৰা বিলাসীপাৰাৰ পথটো বহিঃবিশ্বৰসৈতে যোগাযোগ কৰা বাবে মূল পথ ৷ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণ গেৰামাৰী, ঝালেৰআলগা, দাঙিৰচৰ, মাঝেৰচৰ আদি অঞ্চলৰ হাজাৰ হাজাৰ লোক এই পথেৰেই যাতায়ত কৰে ৷ সেয়ে ৰে'লপথ নিৰ্মান কৰাৰ পাচত কালভাৰ্ট বনাই সুৰংগ পথ নিৰ্মাণ কৰি দিয়ে ৰেল বিভাগে ৷ কিন্তু ৰাইজৰ অভিযোগ অনুসৰি সুৰংগ পথেৰে যাতায়তৰ নামত নৰক যন্ত্ৰণা ভুগিছে তেওঁলোকে ৷ কিয়নো সামান্য বৰষুণ হলেই সুৰংগটোত একাঠু পানী জমা হয় বুলি জনাই ৰাইজে ৷ ইয়াৰোপৰিও যাতায়তৰ সু-ব্যৱস্থা নথকাৰ ফলত জৰুৰীকালীন 108 এম্বুলেঞ্চ সেৱাৰ পৰাও বঞ্চিত হৈছে ৰাইজ ৷ ইপিনে এই ক্ষেত্ৰত ৰাইজে ৰে'ল বিভাগক অভিযোগ দাখিল কৰে যদিও ৰে'ল বিভাগ এই সন্দৰ্ভত কোনো সঁহাৰি দিয়া নাই বুলি অভিযোগ ৰাইজৰ ৷ সেয়ে ৰাইজে ৰে'ল পথৰ উপৰেদি এখন অভাৰ ব্ৰিজ নিৰ্মান কৰি যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ দাবী জনায়৷ আনহাতে এমজিএনৰেগা আঁচনিৰ জৰিয়তে দহ লাখ টকা ব্যয় সাপেক্ষে ৰে'লপথৰ দুয়ো কাষে নিৰ্মাণ কৰা পথৰ অৱস্থা তেনেই দুখ লগা ৷ নামমাত্ৰ কাম কৰিয়েই বিভাগে দায়িত্ব সামৰাৰ অভিযোগ দিয়ে ৰাইজে ৷ লগতে গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানেও এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷

SLUG- A_DHB_801_802_05MAY_DEMAND_FOR_OVER_BRIDGE_VIS+BYTE_SHAHANUR
( Files send through MOJO )

       oc/vo:- পূৰ্ণ গতিত চলিছে গৌৰীপুৰৰ পৰা অভয়াপুৰীলৈ ৰেলপথ নিৰ্মাণৰ কাম। ইতিমধ্যে ধুবুৰীৰ গৌৰীপুৰৰ পৰা বিলাসিপাৰা লৈকে নিৰ্মানকাৰ্য্য সম্পন্ন হৈছে। যদিওঁ এই ৰেলপথে জ্বলাকলা খুৱাইছে গৌৰীপুৰ সমষ্টিৰ কেইবাখনো গাঁওৰ ৰাইজক। দৰাচলতে গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণ গেৰামাৰী, ঝালেৰআলগা, দাঙিৰচৰ, মাঝেৰচৰ আদি অঞ্চলৰ হাজাৰ হাজাৰ লোক এই পথেৰেই যাতায়ত কৰে।  বহিঃবিশ্বৰসৈতে যোগাযোগ কৰা বাবে এইখনেই মূল পথ আছিল। কিন্তু ৰেলপথ নিৰ্মান কৰাৰ পিছত এইদৰে কালভাৰ্ট বনাই সুৰংগ পথ নিৰ্মান কৰি দিছে ৰেল বিভাগে। যদিওঁ এই সুৰংগ পথেৰে যাতায়তৰ নামত নৰক যন্ত্ৰণা ভুগিছে ইয়াৰ ৰাইজে। কাৰণ সামান্য বৰষুণ হলেই একাঠু পানী জমা হয় একাঠু পানী। যাতায়তৰ সু ব্যৱস্থা নথকাৰ ফলত জৰুৰীকালীন ১০৮ এম্বুলেঞ্চ সেৱাৰ পৰাও বঞ্চিত ইয়াৰ ৰাইজ। ইপিনে এই ক্ষেত্ৰত ৰেল বিভাগক অভিযোগ দাখিল কৰিছে যদিওঁ কোনো সঁহাৰি দিয়া নাই। ৰেল পথৰ ওপৰেদি এখন অভাৰ ব্ৰিজ নিৰ্মান কৰি যাতায়ত ব্যৱস্থা সুচল কৰাৰ দাবী জনাইছে ৰাইজে। আনহাতে এমজিএনৰেগা আঁচনিৰ জৰিয়তে দহ লাখ টকা ব্যয় সাপেক্ষে ৰেলপথৰ দুয়ো কাষে নিৰ্মান কৰা পথৰ অৱস্থা তেনেই দুখ লগা। নামমাত্ৰ কাম কৰিয়েই দায়িত্ব সমৰিছে বিভাগে। মুঠৰ ওপৰত সকলোৱে ঠোগিছে ইয়াৰ ৰাইজক। যদিওঁ এই ক্ষেত্ৰত ৰাইজৰ ভোট লৈ ৰজা হোৱা গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উঠিছে।

 ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.