ETV Bharat / state

"কেৱল প্ৰতাৰণাই নহয়, অসমবাসীক উপলুঙা কৰিছে প্ৰধানমন্ত্ৰীয়ে" - congress demands solution of flood and erosion problem from central government

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ বিলাসীপাৰাতো কংগ্ৰেছে পালন কৰিলে প্ৰতাৰণা দিৱস ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অমৃত বাদশা ৷ অসমবাসীক প্ৰধানমন্ত্ৰীয়ে দিয়া কোনো প্ৰতিশ্ৰুতিয়েই পূৰণ নকৰাৰ অভিযোগ কংগ্ৰেছৰ ৷

congress demands solution of flood and erosion problem from central government
কেৱল প্ৰতাৰণাই নহয়, অসমবাসীক উপলুঙা কৰিছে প্ৰধানমন্ত্ৰীয়েঃকংগ্ৰেছ
author img

By

Published : Aug 3, 2020, 7:53 PM IST

বিলাসীপাৰা , 3 আগষ্টঃ ৰাজ্যৰ প্ৰত্যেক প্ৰান্তত সোমবাৰে কংগ্ৰেছ দলে পালন কৰিছে প্ৰতাৰণা দিৱস ৷ অনুৰূপভাৱে বিজেপি চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে তথা সমস্যা সমাধানৰ দাবী জনাই ধুবুৰী জিলাৰ বিলাসীপাৰাতো কংগ্ৰেছে পালন কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ বিলাসীপাৰা ব্লক কংগ্ৰেছৰ উদ্যোগত কাঠালদি গাঁৱৰ সমীপৰে বৈ যোৱা গৌৰাং নৈৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে দলটোৰ নেতা-কৰ্মী সকলে ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অমৃত বাদশাৰ লগতে ধুবুৰী জিলাৰ যুৱ কংগ্ৰেছৰ সম্পাদক কাদেৰ আলী সেখ ৷

অসমবাসীক প্ৰধানমন্ত্ৰীয়ে দিয়া কোনো প্ৰতিশ্ৰুতিয়েই পূৰণ নকৰাৰ অভিযোগ কংগ্ৰেছৰ

প্ৰতিবাদস্থলীৰ পৰা কংগ্ৰেছৰ অভিযোগ, ২০১৬ চনত প্ৰধান মন্ত্ৰীয়ে অসমলৈ আহি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ সময়ত ফুটুকাৰ ফেনত পৰিণত হ’ল প্ৰধানমন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতি ৷ 2017 চনত পুনৰ বান পৰিস্থিতি নিয়ন্ত্ৰমৰ বাবে প্ৰধানমন্ত্ৰীয়ে 500 কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যত পৰিণত ন’হল সেই প্ৰতিশ্ৰুতিও ৷ প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰে অসমক কেৱল প্ৰতাৰণাই নহয়, অসমবাসীক মিছা প্ৰতিশ্ৰুতি দি বাৰে বাবে উপলুঙা কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অমৃত বাদশাই ৷

লগতে পঢ়কঃবানপৰিস্থিত পৰিদৰ্শন কৰিয়েই দায়িত্ব সামৰিছে মুখ্যমন্ত্ৰীয়েঃ অজন্তা নেওগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.