ETV Bharat / state

কৃষি আইনৰ বিৰুদ্ধে বঙাইগাঁও-গোলকগঞ্জত প্ৰতিবাদ

author img

By

Published : Dec 30, 2020, 10:32 PM IST

ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত বুধবাৰে কেন্দ্ৰ চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ ঠিক একেদৰে কৃষি আইনৰ বিৰুদ্ধে বঙাইগাঁৱতো দেখা গ’ল প্ৰতিবাদমুখৰ পৰিৱেশ ৷ বঙাইগাঁৱতো কংগ্ৰেছে জোৰ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

congress protest
কৃষি আইনৰ বিৰুদ্ধে বঙাইগাঁও-গোলকগঞ্জত প্ৰতিবাদ

ধুবুৰী, 30 ডিচেম্বৰ : ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত বুধবাৰে কেন্দ্ৰ চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ গোলকগঞ্জৰ আগমনিত সন্ধিয়া জোৰ সমদল উলিয়াই প্ৰতিবাদ কৰে ধুবুৰী জিলা কংগ্ৰেছে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী, আগমনি ব্লক কংগ্ৰেছৰ সভাপতি আব্দুচ ছোৱাহান আলী আহমেদ, ধুবুৰী লোকসভা কংগ্ৰেছৰ সভাপতি আলতাফ আলী মণ্ডল | সমদলত কৃষি আইন বাতিল কৰক , বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে |

আনহাতে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰা কৃষি আইনৰ বিৰুদ্ধে বঙাইগাঁৱতো দেখা গল প্ৰতিবাদমুখৰ পৰিৱেশ ৷ বঙাইগাঁৱতো কংগ্ৰেছে জোৰ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। বঙাইগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ বহু সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : 2020ত সফল পৰীক্ষণ সম্পন্ন হোৱা ভাৰতৰ ক্ষেপনাস্ত্ৰ প্ৰণালীসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.