ETV Bharat / state

ধুবুৰীত পেট্ৰল পাম্প স্থাপনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ - নামনি অসমৰ ঐতিহাসিক এ এছ টি চি বাছ আস্থানত হবলৈ গৈ আছে হিন্দুস্থান পেট্ৰল পাম্প

ধুবুৰীত পেট্ৰল পাম্প স্থাপনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ ৷ সত্তৰৰ দশকত স্থাপন হোৱা অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ আস্থানটো অবিভক্ত গোৱালপাৰা জিলাৰ বহিঃবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল ৷ কিন্তু এতিয়া কাগজ কলমতেই ৰৈ যোৱা বাছ আস্থানটো অসম ৰাজ্যিক পৰিবহণ বিভাগ আৰু হিন্দুস্থান পেট্ৰলিয়াম কৰ্তৃপক্ষৰ সৈতে হোৱা বুজা বুজি চুক্তিৰ ভিত্তিত পৰিণত হ’বলৈ ওলাইছে হিন্দুস্থান পেট্ৰল পাম্পত ৷

ধুবুৰীত পেট্ৰল পাম্প স্থাপনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Sep 7, 2019, 8:37 PM IST

ধুবুৰী, 7 চেপ্তেম্বৰঃ ঐতিহাসিক সাক্ষ্য বহন কৰা নামনি অসমৰ এএছটিচি বাছ আস্থানত হ’বলৈ গৈ আছে হিন্দুস্থান পেট্ৰল পাম্প ৷ যোৱা কিছুদিন ধৰি পূৰ্ণ গতিত চলিছে পেট্ৰ’ল পাম্পৰ নির্মাণ কাৰ্য ৷ সত্তৰৰ দশকত স্থাপন হোৱা অসম ৰাজ্যিক পৰিৱহণ বিভাগৰ বাছ আস্থানটো অবিভক্ত গোৱালপাৰা জিলাৰ বহিঃবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল ৷ কিন্তু এতিয়া কাগজ কলমতেই ৰৈ যোৱা বাছ আস্থানটো ৷ অসম ৰাজ্যিক পৰিবহণ বিভাগ আৰু হিন্দুস্থান পেট্ৰলিয়াম কৰ্তৃপক্ষৰ সৈতে হোৱা বুজা বুজি চুক্তিৰ ভিত্তিত পৰিণত হ’বলৈ ওলাইছে হিন্দুস্থান পেট্ৰল পাম্পত ৷ ওচৰৰ শিক্ষানুষ্ঠান আৰু ধুবুৰী সাহিত্য সভাৰ লগতে স্থানীয় ৰাইজ আৰু ৱাৰ্ড কমিছনাৰৰ বাধাক নেওচি পূৰ্ণ গতিত চলি গৈছে পেট্ৰল পাম্পৰ নিৰ্মাণ কাৰ্য ৷

ধুবুৰীত পেট্ৰল পাম্প স্থাপনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
ইয়াৰ বিৰুদ্ধে প্ৰথমৰ পৰাই প্ৰতিবাদ অব্যাহত থকাৰ পিছতো ধুবুৰীৰ বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ, জিলা উপায়ুক্ত আৰু ধুবুৰী পৌৰসভাই প্ৰতিবাদী কণ্ঠক আওকাণ কৰিছে ৷ ফলত শনিবাৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে এএছটিচি বাছ আস্থানৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ পেট্ৰ'ল পাম্পৰ নির্মাণকাৰ্য বন্ধ কৰি দিয়াৰ বিপৰীতে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি, পেট্ৰ’লিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও জনায় প্ৰতিবাদকাৰীসকলে ৷ এই প্ৰতিবাদৰ জৰিয়তে বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ, পৌৰসভা আৰু জিলা উপায়ুক্তক কঠোৰ সকীয়নি প্ৰদান কৰে কংগ্ৰেছে ।

Intro:ধুবুৰীত পেট্ৰল পাম্পৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। কলেজীয়া শিক্ষাৰ্থী আৰু ৰাইজৰ প্ৰতিবাদৰ পিছত আজি পুণৰ কংগ্ৰেছ কৰ্মী সকলে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। পাম্পৰ নিৰ্মাণকাৰ্য্য বন্ধ কৰি বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ, পৌৰসভা আৰু জিলা উপায়ুক্তক কঠোৰ সকীয়ানি কংগ্ৰেছৰ।

Body:

ইতিহাসক সাক্ষ্য বহন কৰা নামনি অসমৰ ঐতিহাসিক এ এছ টি চি বাছ আস্থানত হবলৈ গৈ আছে হিন্দুস্থান পেট্ৰল পাম্প। যোৱা কিছুদিন ধৰি পূৰ্ণ গতিত চলিছে নির্মাণকাৰ্য্য। ইয়াৰ মাজতে মাজে সময়ে কলেজীয়া শিক্ষাৰ্থী আৰু ৰাইজে সাব্যস্ত কৰি আহিছে পেট্ৰল পাম্প বিৰোধী আন্দোলন। ইয়াৰ পিছতেই আজি ধুবুৰী টাউন মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলেওঁ সাব্যস্ত কৰিলে পেট্ৰল পাম্প বিৰোধী আন্দোলন। বিজেপি আৰু বিজেপি বিধায়ক অশ্বিনী ৰায় চৰকাৰ আৰু ধুবুৰী পৌৰসভা বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিস্থিতি।

দৰাচলতে সত্তৰৰ দশকত স্থাপন হোৱা অসম ৰাজ্যিক পৰিবহণ বিভাগৰ ধুবুৰীৰ এইখন চৰকাৰী বাছ আস্থান। এটা সময়ত এই খন চৰকাৰী বাছ আস্থানৰ পৰা ৰাজ্যিক পৰিবহণ বিভাগৰ এএছটিচি যাত্ৰীবাহী বাছৰ জৰিয়তে অবিভক্ত গোৱালপাৰা জিলাৰ শ শ যাত্ৰীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্ত লৈ যাতায়ত কৰিছিল। অবিভক্ত গোৱালপাৰা জিলাৰ বহিঃবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল এইখন চৰকাৰী এএছটিচি বাছ আস্থান। কিন্তু আজি কাগজ কলমতহে আছে এইখন চৰকাৰী বাছ আস্থান। কাৰণ সত্তৰৰ দশকৰ ঐতিহাসিক ধুবুৰীৰ চৰকাৰী এএছটিচি বাছ আস্থান উটি গৈ ইয়াৰ নির্মাণ হৈ আছে হিন্দুস্থান পেট্ৰল পাম্প। ওচৰৰ শিক্ষানুষ্ঠান আৰু ধুবুৰী সাহিত্য সভাৰ লগতে স্থানীয় ৰাইজ আৰু ৱাৰ্ড কমিছনাৰৰ বাধাক নেওচি পূৰ্ণ গতিত চলাই গৈছে পেট্ৰল পাম্পৰ নিৰ্মাণ কাৰ্য্য।

উল্লেখযোগ্য যে, অসম ৰাজ্যিক পৰিবহণ বিভাগ আৰু হিন্দুস্থান পেট্ৰলিয়াম কৰ্তৃপক্ষৰ সৈতে হোৱা বুজা বুজি চুক্তিৰ ভিত্তিত ধুবুৰী চৰকাৰী বাছ আস্থানত হিন্দুস্থান পেট্ৰলিয়ামৰ পেট্ৰল পাম্প নির্মাণৰ কাম আৰম্ভ হৈছে। যদিওঁ ইয়াৰ বিৰুদ্ধে প্ৰথমৰ পৰাই প্ৰতিবাদ অব্যাহত থকাৰ পিছতো ধুবুৰীৰ বিজেপি বিধায়ক অশ্বিনী ৰায় চৰকাৰ, জিলা উপায়ুক্ত আৰু ধুবুৰী পৌৰসভাই প্ৰতিবাদী কণ্ঠক আওকাণ কৰিছে। জিলা উপায়ুক্ত আৰু পৌৰসভাৰ মৌনতাৰ বাবেই অব্যাহত আছে নির্মাণকাৰ্য্য। যাৰ ফলত গৰজি উঠিছে কংগ্ৰেছ কৰ্মী সকল। আজি কংগ্ৰেছে এ এছ টি চি বাছ আস্থানৰ সন্মুখত দুই ঘন্টিয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰি পেট্ৰল পাম্পৰ নির্মাণকাৰ্য্য বন্ধ কৰি দিয়াৰ বিপৰীতে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাট্ৰপতি, পেট্ৰলিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচীৰ জৰিয়তে বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ, পৌৰসভা আৰু জিলা উপায়ুক্তক কঠোৰ সকীয়ানি প্ৰদান কৰে কংগ্ৰেছে।

Byte:- প্ৰতিবাদী কংগ্ৰেছী।

Conclusion:উল্লেখযোগ্য যে, ধাৰাবাহিক আন্দোলনৰ পিছত এতিয়া বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰে কি ভূমিকা পালন কৰে সেয়াই লক্ষণীয় বিষয়।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.