ধুবুৰী,১৮ মাৰ্চ: ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ২৫ নং গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুছ ছোৱাহান আলী সৰকাৰে । কেইগৰাকীমান সমৰ্থকক লগত লৈ গোলকগঞ্জ সমষ্টিৰ দায়িত্বত থকা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ।
মনোনয়ন দাখিল কৰি বিজেপি প্ৰাৰ্থীক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ প্ৰাৰ্থী ছোৱাহান আলী সৰকাৰে কয় যে এইবাৰ গোলকগঞ্জ সমষ্টিৰ পৰা ধূলিস্যাৎ হৈ যাব বিজেপি । লগতে তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ।
আনহাতে দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰা সংক্ৰান্তত প্ৰশ্ন কৰাত তেওঁ কোনো ধৰণৰ মন্তব্য নিদিয়ে ।
আনহাতে, সমষ্টিটোৰ একাংশ লোকে ধাৰণা কৰিছে যে যদি কংগ্ৰেছ নেতা আবু তাহেৰ বেপাৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই, তেন্তে সমষ্টিটোত ত্ৰিকোণীয় যুঁজ হোৱাটো নিশ্চিত ।
লগতে পঢ়ক: অৰুণাচলত জীৱন্তে অগ্নিদগ্ধ এজন